দেশৰ প্ৰখ্যাত অভিনেতা ঋষি কাপুৰৰ দেহাৱসান
ডিজিটেল ডেস্ক, বিতৰ্ক, ৩০ এপ্ৰিল, শিৱসাগৰ :: ইৰফান খানৰ পিছত বলীউড জগতৰ পৰা আহিছে আন এক বেয়া খবৰ। বলীউডৰ অভিনেতা ঋষি কাপুৰৰ দেহাৱসান হৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৭ বছৰ। মেগাষ্টাৰ অমিতাভ বচ্চনে ঋষি কাপুৰৰ নিধনৰ খবৰ প্ৰকাশ কৰে। কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ মুম্বাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বুলি জানিব পৰা গৈছে। বিগত কিছুদিন ধৰি মুম্বাইৰ এইচ এন ৰিলায়েঞ্চ হাস্পতালত চিকিৎসাধীন হৈ আছিল ঋষি কাপুৰ।
দুদিনত দুজনকৈ প্ৰখ্যাত অভিনেতাক হেৰুৱাবলগীয়া হোৱাটো বলীউডৰ বাবে এক ডাঙৰ ক্ষতি। ঋষি কাপুৰৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে দেশজুৰি। ছচিয়েল মিডিয়াত তাৰকাৰ লগতে অনুৰাগীসকলে প্ৰকাশ কৰিছো শোক।