বীৰ লাচিত সেনাৰ বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৯ এপ্ৰিল, শিৱসাগৰ :: আজি বীৰ লাচিত সেনাই চছিয়েল মিডিয়াত নাৰীৰ সম্পৰ্কে অশ্লীল মন্তব্য কৰা আৰু সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে উচটনি দিয়া বুলি অভিযোগ আনি বিজেপি নেতা সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উল্লেখযোগ্য যে, ২৭ এপ্ৰিলত মাজুলীৰ এজন ব্যক্তি আৰু তেওঁৰ পৰিয়ালে লকডাউনৰ বাবে ঘৰলৈ উভতি যাব নোৱাৰা এজন মুছলমান যুৱকক নিজৰ ঘৰতেই ইফটাৰ কৰোৱা দৃশ্য চছিয়েল মিডিয়াত প্ৰচাৰ হৈছিল।

ব্যক্তিজনে আৰু তেওঁৰ পৰিয়ালে উক্ত ষুৱকজনক এখন চেলেং চাদৰৰ ওপৰত আহাৰ গ্ৰহণ কৰিবলৈ দিয়াৰ লগতে নামাজ আদায় কৰিবলৈ দিয়াক লৈ সত্যৰঞ্জন বৰাই সামাজিক মাধ্যমত মাজুলীৰ ব্যক্তিজনৰ পত্নী আৰু কন্যাৰ সম্পৰ্কে অশ্লীল মন্তব্য প্ৰদান কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে নাৰীজাতিক লৈ অপমানসূচক মন্তব্য কৰা বৰাৰ বিৰুদ্ধে বীৰ লাচিত সেনাই শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। এতিয়া প্ৰশাসনৰ তৰফৰ পৰা এনে ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়াহে লক্ষ্যনীয় হব।

Leave a Reply

Your email address will not be published. Required fields are marked *