বলিউডৰ জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যু!

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৯ এপ্ৰিল, শিৱসাগৰ :: বলিউডৰ জনপ্ৰিয় অভিনেতা ইৰফান খানৰ আজি ৫৩ বছৰ বয়সত শাৰীৰিক অসুস্থতাৰ বাবে মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। ইৰফান খানক চিকিৎসালয়ত পেটৰ কিছু অসুখৰ বাবে ভৰ্তি কৰোৱা হৈছিল। প্ৰাপ্ত তথ্য অনুসৰি অভিনেতাজন কেন্সাৰ ৰোগতো আক্ৰান্ত হৈ আছিল। মৃত্যুৰ পিছত বলিউডৰ এই জনপ্ৰিয় অভিনেতা জনে তেওঁৰ পত্নীৰ লগতে দুটি সন্তান ইহসংসাৰত এৰি থৈ যায়।

উল্লেখযোগ্য যে পৰিয়ালৰ তৰফৰ পৰা ইৰফান খানৰ মৃত্যুৰ বাতৰি এতিয়ালৈকে সদৰি কৰা নাই। কিন্তু দেশৰ বহু কেইটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা প্ৰকাশ পোৱাৰ লগতে অভিনেতাজনৰ বন্ধু মহলে কেইবাজনো ব্যক্তিয়ে এই কথা ইতিমধ্যে টুইটাৰ সদৰি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *