পুজিপতিৰ ঋণ মাফ কৰা চৰকাৰক সাধাৰণ জনতাৰো ঋণ মাফ কৰাৰ দাবী অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৯ এপ্ৰিল, শিৱসাগৰ :: বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰ তথা নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকসৰখনৰ মিথ্যাচাৰ লাহে লাহে পোহৰলৈ আহিছে। এই মন্তব্য কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে। বিশ্বৰ ভিতৰত অৰ্থনৈতিক দিশত পৰা ৬ নম্বৰ স্থানত থকা বুলি দাবী কৰা এই শাসনাধিষ্ঠ চৰকাৰখনে মাত্ৰ এক মাহৰ লক ডাউনতে জুৰুলা হৈ পৰা পৰিলক্ষিত হৈছে। কৰোনাৰ বিৰুদ্ধে যুজিবলৈ পুঁজিৰ অভাৱ বুলি সাধাৰণ জনতাৰ পৰা সহায় বিচাৰিলে। কিন্তু এইখিনি সময়তে আন এক তথ্য পোহৰলৈ অহাত সকলো সচকিত হৈ পৰিছে। বিভিন্ন মহলত চলিছে সৰৱ আলোচনা। জাঙুৰ খাই উঠিছে দল সংগঠন।

ইফালে এইক্ষেত্ৰত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে কয় যে চৰকাৰে জনা উচিত যে চৰকাৰ পূজিপতিৰ দ্বাৰা পূজিপতিৰ বাবে গঠিত হোৱা নাই। চৰকাৰ গঠন হৈছে জনতাৰ দ্বাৰা জনতাৰ হকে। গতিকে পূজিপতিৰ পৰিবৰ্তে জনতাৰ হকে চৰকাৰে চিন্তা কৰক। যি খন চৰকাৰে দেশৰ পূজিপতি শ্ৰেণীৰ ৬৮হাজাৰ কোটী টকাৰ ঋণ মাফ কৰিব পাৰে, সেইখন চৰকাৰে দেশৰ সাধাৰণ জনতা, কৃষক শ্ৰেণী, শ্ৰমিক শ্ৰেণীৰো ঋণ মাফ কৰিব পাৰিব লাগিব বুলি সকীয়াই দিয়ে। ইয়াৰ লগতে মিথ্যাচাৰ আৰু বিজ্ঞাপনধৰ্মী নীতি ত্যাগ কৰি অতী শীঘ্ৰেই দেশৰ সাধাৰণ জনতাৰ সকলোবোৰ ঋণ ৰেহাই দিবলৈ দাবী উত্থাপন কৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই।

Leave a Reply

Your email address will not be published. Required fields are marked *