আঠ দিনত ২ কোটি টকাৰ মাংস কোনে খালে?

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৯ এপ্ৰিল, শিৱসাগৰ :: বিগত আঠ দিনত ২ কোটি টকাৰ মাংস কোনে খালে জানেনে আপুনি? ক’ৰনা ভাইৰাছ সংক্ৰমণৰ বাবে দিয়া লকডাউনৰ সময়ছোৱাত খালে গুৱাহাটীবাসীয়ে এই বৃহৎ ধনৰাশিৰ মাংস। এই লকডাউনৰ সময়ত গুৱাহাটীবাসীৰ বাবে আঠদিন পূৰ্বে আৰম্ভ কৰিছিল এক বিশেষ সেৱা ৷ পছন্দৰ মাংস-কণী গুৱাহাটীবাসীক যোগান ধৰা আৰম্ভ কৰিছিল ৰাজ্যিক পশুধন আৰু হাঁহ-কুকুৰা নিগমে ৷

কিন্তু আশ্চৰ্য্যজনক ভাৱে এই আঠদিনত নিগমে বিক্ৰী কৰিলে গুৱাহাটীবাসীক ২০ টনতকৈ অধিক ছাগলীৰ মাংস। এই হিচাপত ছাগলী মাংসৰ পৰা নিগমে পালে ১ কোটি ৫০ লাখ টকা ৷ একেদৰে কুকুৰাৰ মাংস বিক্ৰী হ’ল এই সময়ছোৱাত প্ৰায় ৫০ লাখ টকা ৷ এই কথা সংবাদমাধ্যমক জানিবলৈ দিয়ে নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই।

Leave a Reply

Your email address will not be published. Required fields are marked *