নাজিৰাত লক্ষ্যাধিক টকাৰ গুটখা জব্দঃ লকডাউনৰ সুযোগ লৈ একাংশৰ অবৈধ বেহা

ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল, নাজিৰা :: বিশ্বজুৰি মহামাৰী ক’ৰনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে। বৰ্তমানলৈকে সমগ্ৰ বিশ্বতে কেইবালক্ষ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে লক্ষ্যাধিক লোক মৃত্যু মুখত পৰিছে। আনহাতে ইয়াৰ বিপৰীত নহয় ভাৰতো। ভাৰততো প্ৰায় ৩০ হাজাৰ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় ১ হাজাৰ লোক এইপৰ্যন্ত মৃত্যু মুখত পৰিছে। ক’ৰনা ভাইৰাছৰ এই সংক্ৰমণ বাবে সমগ্ৰ দেশতে যোৱা ২৫ মাৰ্চ তাৰিখৰ পৰা লকডাউনৰ ঘোষণা কৰিছিল।

এই লকডাউনৰ সময়ছোৱাত দেশত গুটখা জাতীয় সকলো সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছিল। কিন্তু এই লকডাউনৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে একাংশ দুস্কৃতিকাৰীয়ে। উল্লেখযোগ্য যে, আজি শিৱসাগৰ জিলাৰ নাজিৰাত এক অভিযান চলাই লক্ষ্যাধিক টকাৰ গুটখা জব্দ কৰে আৰক্ষীয়ে। নাজিৰা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি নাজিৰৰ বিকাশ চাহু নামৰ এজন কলা ব্যৱসায়ীয়ে গুৱাহাটীৰ পৰা বিস্কুটৰ কাৰ্টুনত সুমুৱাই অনা এই গুটখা সমূহ জব্দ কৰে।

জব্দ কৰা গোটখাৰ একাংশ

উল্লেখযোগ্য যে এই সময়ছোৱাত লকডাউনৰ সুযোগ লৈ একাংশ কলা ব্যৱসায়ীয়ে অত্যাধিক মূল্য লৈ ৰমৰমীয়া ব্যৱসায় চলাই আছে নিষিদ্ধ গুটখাৰ। আমাৰ হাতত আহি পৰা তথ্য অনুসৰি শিৱসাগৰ জিলাৰ কেইবাঠাইতো একাংশ কলা ব্যৱসায়ীয়ে অত্যাধিক মূল্য লৈ জিলাখনৰ সৰু সৰু ব্যৱসায়ীৰ হাতত তুলি দিছে এই গুটখা সমূহ। এইক্ষেত্ৰত আৰক্ষীয়ে অধিক তদন্ত কৰিলে নিশ্চয় জিলাখনৰ কেইবাটাও স্থানৰ পৰা কোটি টকাৰ গুটখা জব্দ কৰিবলৈ সক্ষম হব। আনহাতে এই ক্ষেত্ৰত সঠিকভাৱে তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাইছে দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ শিৱসাগৰ জিলা সমিতিৰ লগতে সাধাৰণ ৰাইজে।

জব্দ কৰা গোটখাৰ একাংশ

One thought on “নাজিৰাত লক্ষ্যাধিক টকাৰ গুটখা জব্দঃ লকডাউনৰ সুযোগ লৈ একাংশৰ অবৈধ বেহা

  • April 28, 2020 at 4:52 pm
    Permalink

    Moja. Arrest koribo lage ane business man k.

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *