তবলিগক লৈ মোহন ভাগৱতে কি কলে?

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৮ এপ্ৰিল, শিৱসাগৰ :: ক’ৰনা ভাইৰাছৰ আতংক তথা ইয়াৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে দিয়া লকডাউনৰ সময়ত মহাৰাষ্ট্ৰৰ পালঘৰ অঞ্চলৰ বহু লোক একত্ৰিত হৈ দুজন সন্ন্যাসীৰ লগতে তেওঁলোকৰ গাড়ীৰ চালকক মৰিয়াই মৰিয়াই  অতি জঘন্যভাবে হত্যা কৰিছিল। এই ঘটনাক লৈ মহাৰাষ্ট্ৰ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি ১০১ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ২৬ এপ্ৰিল, দেওবাৰে আৰএছএছ প্ৰমুখ মোহন ভাগৱতেও এই ঘটনাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে।

মোহন ভাগৱতে আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন তুলি এনেকুৱা হব নালাগে বুলি উল্লেখ কৰাৰ লগতে আইন নিজৰ হাতত তুলি লোৱাৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। মোহন ভাগৱতে কয় যে ভাৰতৰ ১৩০ কোটি জনসংখ্যা ভাৰত মাৰ সন্তান আৰু আমাৰ ভাতৃ। এই কথা আমি মনত ৰখা উচিত। দুয়োফালৰ পৰা কোনো খং আৰু ভয়ৰ ভাব থাকিব নালাগে।  দুয়ো পক্ষৰ জনাবুজা লোকে নিজৰ গোটক ৰক্ষা কৰিব লাগে। 

আৰএছএছ প্ৰমুখজনে তবলিগি জামাতক লৈ স্পষ্ট ভাষাৰে উল্লেখ কৰে যে কোনো এজন ব্যক্তিৰ ভুলৰ বাবে সকলোকে দোষী সজাব পৰা নাযায়। যদিও কোনো এজনে ভুল কৰিছে, কিন্তু তাৰ বাবে সকলোকে দোষী বুলি নাভাবিব। কিছু লোকে ইয়াৰ বেয়া ব্যৱহাৰ কৰিব বিচাৰিছে আৰু সেই কাৰণে ক’ৰনাৰ সংক্রমণ অধিক হৈছে।” ইয়াৰ লগতে তেওঁ সামাজিক দূৰত্ব বৰ্তাই ৰাখাৰো সকলোলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *