উপায়ুক্তৰ দ্বাৰা শিৱসাগৰত দৰিদ্ৰলৈ খাদ্যসামগ্ৰী বিতৰণ

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৮ এপ্ৰিল, শিৱসাগৰ :: সমগ্র বিশ্বতে ত্রাসৰ সৃষ্টি কৰা ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে সাম্প্ৰতিক চলি থকা লকডাউনৰ সময়ছোৱাত শিৱসাগৰ নগৰৰ দিনহাজিৰা কৰা লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে জিলা উপায়ুক্ত লক্ষীনন্দন গগৈয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে।

জিলা উপায়ুক্তৰ লগতে জিলা প্ৰশাসন তথা কিছু বিভাগীয় বিষয়া সকলৰ আৰ্থিক সহযোগিতাৰ জৰিয়তে স্থানীয় কিছু সংখ্যক দৰিদ্ৰ লোকৰ মাজত অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী বিতৰণ কৰে। জিলা উপায়ুক্তৰ সৈতে অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী বিতৰণ কৰে জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলি, অতিৰিক্ত উপায়ুক্ত বিদিত দাস আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ-নিয়ন্ত্ৰক প্ৰাণজিত দত্তই। অত্যাৱশ্যকীয় খাদ্যসামগ্ৰী সমূহ বিতৰণ কালত নিৰ্দিষ্ট সামাজিক দূৰত্ব বজাই ৰাখি সম্পন্ন কৰা পৰিলক্ষিত হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *