সৰ্বানন্দ সোণোৱাল কেবিনেটে ললে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৭ এপ্ৰিল, শিৱসাগৰ :: আজি লকডাউনৰ মাজতে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কেবিনেটে ললে চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজি দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ এই  সিদ্ধান্তসমূহ লোৱা হয়।কেবিনেটৰ সিদ্ধান্ত অনুসৰি মঙলবাৰৰ পৰা গাওঁ অঞ্চলৰ দোকান সমুহ খোলাৰ ওপৰত সিদ্ধান্ত লয়। অৱশ্যে এই সময়ছোৱাত ৰেড জ’নৰ দোকান সমূহ বন্ধ থাকিব। ৰেড জ’নৰ কাষৰ গ্ৰীণ জ’নৰ প্ৰথম পাঁচ কিলোমিটাৰলৈ বন্ধ থাকিব দোকান পোহাৰ।

ইয়াৰ লগতে কেবিনেট সিদ্ধান্ত অনুসৰি অসমৰ এখন জিলাৰ পৰা আনখন জিলালৈ যোৱাৰ ক্ষেত্ৰত সময়সীমা ২ মে’ পৰ্যন্ত বঢ়াই দিছে। লকডাউনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মানি চলিব অসমে, ৰাজ্য চৰকাৰে নিজাববীয়াকৈ কোনো সিদ্ধান্ত নলয়।অন্যহাতে বিটিচি কাৰ্য্যকাল উকলি যোৱা সম্পৰ্কত কোৰোণাৰ সজাগতাৰে গণ সমাবেশ অনুষ্ঠিত নকৰাকৈ বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচনী আয়োগক অনুৰোধ জনোৱাৰ সিদ্ধান্ত লোৱা হয় আজিৰ বৈঠকত।

Leave a Reply

Your email address will not be published. Required fields are marked *