পিজি, হোষ্টেলৰ লগতে ভাড়াঘৰৰ মালিকলৈ বিশেষ অনুৰোধ মন্ত্ৰী হিমন্ত বিশ্বৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৬ এপ্ৰিল, শিৱসাগৰ :: লকডাউনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলৰ  পিজি, হোষ্টেলৰ স্বত্বাধিকাৰীৰ প্ৰতি এক বিশেষ অনুৰোধ জনাইছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে, আজি আয়োজিত এক সংবাদমেলত ছাত্ৰ-ছাত্ৰী থকা পিজি আৰু হোষ্টেলৰ স্বত্বাধিকাৰীলৈ অনুৰোধ জনাই মন্ত্ৰীগৰাকীয়ে কয় ‘যিসকল ছাত্ৰ-ছাত্ৰী পিজি বা হোষ্টেলত আছে, তেওঁলোকৰ অভিভাৱকসকল বৰ্তমান অৰ্থনৈতিক সংকটত ভুগিছে। কেৱল তেওঁলোকেই নহয়, সকলো বৰ্তমান অৰ্থনৈতিক সংকটত ভুগিছে। গতিকে স্বত্বাধিকাৰীসকললৈ অনুৰোধ যাতে এপ্ৰিল মাহৰ ভাৰাটো তেওঁলোকে ৫০ শতাংশ ৰেহাই দিয়ে।‘

ইয়াৰোপৰি যিবিলাক ভাড়াঘৰত ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকল থাকে সেই ভাড়াঘৰৰ মালিকসমূহকো কিছু শতাংশ ৰেহাই দিবলৈ মন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ জৰিয়তে দিবলৈ আহ্বান জনায়। কিয়নো ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত কৰ্মচাৰীসকল দৰমহা লাভৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে। অৱশ্যে, চৰকাৰে এই সন্দৰ্ভত নিজাববীয়াকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বা মালিকসকলৈ নিৰ্দেশনা দিয়া নাই বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *