অসমত ৭ গৰাকীলৈ হ্ৰাস ক’ৰনাত আক্ৰান্ত ৰোগীৰ সংখ্যা

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৬ এপ্ৰিল, শিৱসাগৰ :: বিশ্বজুৰি ক’ৰনাৰ আতংকৰ মাজতে ৰাজ্যবাসীলৈ আহিছে এটা ভাল খবৰ। অসমত মুঠ কভিদ-১৯-ৰ ৰোগীৰ সংখ্যা হ্ৰাস পাইছে ৭ গৰাকীলৈ। আজি গোলাঘাট অসামৰিক চিকিৎসালয় আৰু মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা মুঠ ৮ গৰাকী ৰোগীক ইতিমধ্যে মুক্তি দিয়া হৈছে। এমএমচিএইচৰ পৰা মুক্তি কৰি দিয়া ১ জন ধুবুৰী আৰু ৩ জন নলবাৰীৰ।

NHMৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা জনায় স্বাস্থ্য ৎমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমানলৈকে মুঠ ২৭ গৰাকী কোভিদ-১৯ ৰোগীক চিকিৎসালয়ৰ পৰা মুক্ত কৰি দিয়া হৈছে। তাৰ পৰিপ্ৰেক্ষিতত চিকিৎসাৰত কোভিড-১৯ ৰোগীৰ সংখ্যা মাত্ৰ ৭ জনলৈ হ্ৰাস পালে বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। ৩০ এপ্ৰিলৰ পূৰ্বে এই ৰোগীসকলৰ কিছুসংখ্যকক মুক্তি দিব পৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *