লকডাউনৰ বাবে দেশত চাকৰি হেৰুৱাইছে ১৪ কোটি লোকে

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৫ এপ্ৰিল, শিৱসাগৰ :: ক’ৰনাৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে কেন্দ্ৰই জাৰি কৰা লকডাউনে প্ৰায় ৩২ টা দিন অতিক্ৰম কৰিলে। এই সময়ত দৰিদ্ৰ লোকসকল বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ লগতে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ বিভিন্ন উদ্যেগ-প্ৰতিষ্ঠানত কাম কৰি থকা লোকে হেৰুৱাইছে চাকৰি। শেহতীয়াকৈ চিএমআইইৰ সমীক্ষাত প্ৰকাশ পাইছে এক ভয়ংকৰ তথ্য।

লকডাউনৰ সময়চোৱাত দেশত চাকৰি হেৰুৱাইছে ১৪ কোটি লোকে। লগতে এপ্ৰিল মাহৰ তৃতীয় সপ্তাহলৈকে দেশত নিবনুৱাৰ সংখ্যা ২৬.২ শতাংশলৈ বৃদ্ধি পাইছে। তথ্য অনুসৰি লকডাউনৰ সময়ছোৱাত গ্ৰামাঞ্চলত কৰ্মহীন লোকৰ হাৰ ২৬.৭ শতাংশ হোৱাৰ বিপৰীতে চহৰ অঞ্চলত কৰ্মহীন লোকৰ পৰিমাণ হ’লগৈ ২৫.১ শতাংশ। এইক্ষেত্ৰত সকলোৱে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা উচিত পদক্ষেপৰ দাবী জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *