কেন্দ্ৰীয় চৰকাৰৰ দোকান খোলাৰ বাবে অনুমতি প্ৰদান

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৫ এপ্ৰিল, শিৱসাগৰ :: দেশত চলি থকা লকডাউনৰ মাজতে যোৱা নিশা এক নিৰ্দেশ যোগে কেন্দ্ৰীয় চৰকাৰে দোকানসমূহ খুলিব পাৰিব বুলি উল্লেখ কৰে। কিন্তু ক’ৰনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কিছু চৰ্তসাপেক্ষে দোকানসমূহ খোলাৰ নিৰ্দেশ দিছে।

কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ দ্বাৰা দিয়া নিৰ্দেশাৱলী।

উল্লেখযোগ্য যে, ৰাজ্যসমূহৰ Shops and Establishments Actৰ অধীনত পঞ্জীকৃত সকলো দোকান খুলিবলৈ ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলৰ মুখ্য সচিবলৈ গৃহ মন্ত্ৰণালয়ে প্ৰেৰণ কৰিছে পত্ৰ। ২৪ এপ্রিলত প্ৰেৰণ কৰা এই পত্ৰত Residential Complex আৰু Market Complexত থকা দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু খুলিব নোৱাৰিব Multi Brand আৰু Single Brand মলসমূহ। এই দোকানসমূহ পঞ্চাশ শতাংশ কৰ্মচাৰীৰে পৰিচালনা কৰিব লাগিব আৰু সামাজিক দূৰত্ব বাধ্যতামূলক হ’ব। উল্লেখনীয় যে Hotspot আৰু Red Zone এলেকাত প্ৰযোজ্য নহ’ব এই নিৰ্দেশ। অৱশ্যে ৰাজ্য চৰকাৰসমূহে এইক্ষেত্ৰত সম্পূৰ্ণ সিদ্ধান্ত লব পাৰিব বুলি উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *