অসমত দোকান খোলাৰ সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৫ এপ্ৰিল, শিৱসাগৰ :: কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে শ্বপিং মলৰ বাহিৰে দেশৰ সকলো দোকান খোলাৰ নিৰ্দেশনা শুকুৰবাৰে নিশা জাৰি কৰিছে যদিও অসম চৰকাৰে এতিয়ালৈকে এই দিশত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। এই কথা কিছুসময়ৰ পূৰ্বে টুইটাৰযোগে সদৰি কৰে অসমৰ জন সংযোগ বিভাগে। ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্চয় কৃষ্ণলৈ টেগ কৰি এই টুইটটোত লিখা হৈছে, অসম চৰকাৰে ৰাজ্যত জাৰি কৰা লকডাউনত কোনো শিথিলতা অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা নাই। এই দিশত সিদ্ধান্ত অহা ২৭ এপ্ৰিলতহে লোৱা হব বুলি জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *