শনিবাৰৰ পৰা আৰম্ভ হব ৰমজানৰ প্ৰথমটো ৰোজা

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৪ এপ্ৰিল, শিৱসাগৰ :: আজি সন্ধিয়া কৰিমগঞ্জৰ আকাশত দেখা গ’ল জোন। শনিবাৰৰ পৰা আৰম্ভ হ’ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহৰ প্ৰথমটো ৰোজা। আজি সন্ধিয়া কৰিমগঞ্জ, গোৱালপাৰা আদি বহু অঞ্চলৰ আকাশত দেখা গ’ল জোন৷ জোন দৃশ্যমান হোৱাৰ লগে লগে এই ঘোষণা কৰিছে কেন্দ্ৰীয় হিলাল কমিটী, অসমে ৷

কেন্দ্ৰীয় হিলাল কমিটীৰ সাধাৰণ সম্পাদক আলহাজ ইমদাদ হুছেইনে কয়, ‘শনিবাৰে ৰমজান মাহৰ প্ৰথমটো ৰোজা আৰম্ভ হ’ব৷ কৰিমগঞ্জ, গোৱালপাৰা আদি বহু স্থানৰ পৰা খবৰ পোৱাৰ পিছতে এই ঘোষণা কৰা হৈছে৷’ ইয়াৰ লগতে দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লকডাউন মানি সকলোকে নিজ নিজ ঘৰতে নামাজ পঢ়িবলৈও আহ্বান জনাইছে কেন্দ্ৰীয় হিলাল কমিটীৰ সাধাৰণ সম্পাদকগৰাকীয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *