লকডাউনৰ বাবে ১০০০ কোটি টকাৰ লোকচান দেশৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৪ এপ্ৰিল, গুৱাহাটী :: লকডাউনৰ বাবে ব্যাপক লোকচানৰ সন্মুখীণ হবলগীয়া হৈছে ভাৰতৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল। এসপ্তাহ পূৰ্বে চাহ উদ্যোগৰ ক্ষেত্ৰত চৰকাৰে কিছু নিৰ্দেশনা দি ৰাজ্যৰ চাহ বাগিচা আৰু বটলিফ ফেক্টৰী সমুহৰ কাম কাজ চলাবলৈ অনুমতি প্ৰদান কৰিলে যদিও ক্ষুদ্ৰ চাহ খেতিয়ক সকলে আজিও কেঁচা পাত উৎপাদন কৰিবলৈ সক্ষম হোৱা নাই। ক্ষুদ্ৰ চাহ খেতিয়ক সকলে সময়ত কেঁচা পাত ছিঙিব নোৱাৰা ফলত পাত সমুহ দীঘল হৈ পৰে। ফলস্বৰূপে এতিয়া আৰ্থিক অনাটনে জুৰুলা কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে। ক্ষুদ্ৰ চাহ খেতিয়ক সকলে এতিয়া নিজৰ বাগিছাত লঘু কলম দিয়া পাছত কেঁচা পাত উৎপাদন হ’বলৈ কমেও এমাহ সময় লাগিব অথাৎ মে’ মাহৰ শেষলৈ হে চাহ পাত ছিঙিৱ পৰা সম্ভাৱনা আছে।

উল্লেখ্য যে, লকডাউনৰ ফলত সৰ্বভাৰতীয় পৰ্যায়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ লোকচান কমেও এহেজাৰ কোটি টকা বুলি প্ৰকাশ কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সৰ্বভাৰতীয় মহাসংঘ চমুকৈ চি্ছটাৰ সম্পাদক অচ্যুত প্ৰসাদ গগৈয়ে। তেওঁ লগতে প্ৰকাশ কৰে যে, সমগ্ৰ ভাৰতত ২ লাখ ৫০ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভিতৰত অসমতে প্ৰায় ১লাখ ৫০ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক আছে। লকডাউনৰ ফলত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ লোকচান হৈছে প্ৰায় ৫০০ কোটি টকা। এটা বৰ্ষত ভাৰতত মুঠ চাহ উৎপাদন হয় প্ৰায় ১৩৯০ মিলিয়ন কেজি। ইয়াৰে ৫০ শতাংশ চাহ উৎপাদন কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে। চাহ উৎপাদন বৰ্ষৰ আৰম্ভনীৰ পৰা এপ্ৰিল মাহলৈকে বছৰটোৰ মুঠ উৎপাদনৰ ১৫ শতাংশ কেঁচা পাত উৎপাদন হয়।

সেই হিচাপত প্ৰতি কেজি কেঁচা পাতত গড়ে ২০টকাকৈ ধৰিলে প্ৰায় ১০০০কোটি টকা সমগ্ৰ ভাৰতত ক্ষুদ্ৰ চাহ খেতিয়কৰ লোকচান হৈছে। এই লোকচান প্ৰতি বিঘাত প্ৰায় ৭০০০ টকাকৈ। এই বৃহৎ লোকচানৰ মোকাবিলা কৰিবলৈ অসম চৰকাৰক বছৰটোৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক সাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলক বিনামূলীয়াকৈ যোগান ধৰিবলৈ অনুৰোধ জনাইছে চি্ছটাৰ তৰফৰ পৰা। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক চৰকাৰে আৰ্থিক সাহাৰ্য্য আগনবঢ়ালে তেওঁলোকৰ জীৱনলৈ অমানিশা নামি আহিব বুলি আশংকা প্ৰকাশ কৰিছে চিছটাৰ সম্পাদক অচ্যুত প্ৰসাদ গগৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *