ঔষধ বিচাৰি নাপালে ‘ধনন্তৰী’ আঁচনিৰ অধীনত ঘৰতেই লাভ কৰিব পাৰিব ঔষধ

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৪ এপ্ৰিল, শিৱসাগৰ :: দেশজুৰি ক’ৰনা ভাইৰাছৰ সংহাৰী ৰূপ। ক’ৰনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য কৰি ৩ মে’লৈ দেশত বৃদ্ধি কৰা হৈছে লকডাউন। লকডাউনৰ সময়ত নিজৰ অঞ্চলত প্ৰয়োজনীয় ঔষধ লাভ নকৰাৰ বাবে এতিয়া বিপাঙত পৰিছে বিভিন্ন লোক। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ‘ধনন্তৰী’ নামৰ এখন বিশেষ আঁচনি ।

শুক্ৰবাৰে সংবাদমেলত এই কথা সদৰি কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘৰৰ পৰা ১০ কিলোমিটাৰৰ ব্যৱধানত প্ৰয়োজনীয় ঔষধ লাভ নকৰিলে চৰকাৰে ঘৰতেই ধনন্তিৰ আঁচনিৰ অধিনত যোগান ধৰিব ঔষধ। এই আঁচনিৰ অধীনত নিজৰ জিলাখনৰ ভিতৰত ঔষধ উপলব্ধ হ’লে ২৪ ঘণ্টাৰ ভিতৰত যোগান ধৰিব স্বাস্থ্যবিভাগে। অন্য ঠাইৰ পৰা আনিব লগা হ’লে সময় ল’ব ৪৮ ঘণ্টা আৰু ৰাজ্যৰ বাহিৰৰ পৰা আনিব লগা হ’লে স্বাস্থ্যবিভাগে এসপ্তাহৰ ভিতৰত ঔষধ যোগান ধৰিব বুলি সদৰি কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে হুৱাতচএপৰ জৰিয়তে দিব পাৰিব প্ৰেছক্ৰিপছন। ১০৪ নম্বৰতো ফোন কৰিব পাৰিব ঔষধৰ বাবে। ৰাজ্যৰ মুঠ ৪ হাজাৰ MPW আৰু আশাকৰ্মী সকল প্ৰত্যক্ষ ভাবে জড়িত হৈ পৰিব এই সেৱাত। দুশ টকালৈকে এই আঁচনিৰ অধীনত বিনামূলীয়া হ’ব ঔষধসমূহ।

Leave a Reply

Your email address will not be published. Required fields are marked *