দিল্লীৰ পিছত অসম চৰকাৰৰ বিশেষ পদক্ষেপঃ ২৫ এপ্ৰিলত সাংবাদিকৰ বিনামূলীয়া ক’ৰনা টেষ্ট

ডিজিটেল ডেস্ক, বিতৰ্ক, ২৩ এপ্ৰিল, গুৱাহাটী :: ক’ৰনাৰ সন্ত্ৰাসৰ মাজতে সকলো খবৰ ৰাইজক দিবলৈ দিনে-নিশাই কাম কৰি আছে সাংবাদিকসকল। এই সংকটৰ সময়ত এইদৰে সেৱা আগবঢ়াই থকাৰ বাবেই ইতিমধ্যে বহুকেইজন সাংবাদিক আক্ৰান্ত হৈছে ক’ৰনাত। মধ্যপ্ৰদেশৰ এগৰাকী সাংবাদিক ক’ৰনাত আক্ৰান্ত হোৱাৰ পাছতে বৰ্তমান সময়ত ক’ৰনা ভাইৰাছত আক্ৰান্ত হোৱা সংবাদিকৰ সংখ্যা হলগৈ প্ৰায় ৬০ গৰাকী। দেশৰ ভিতৰতে সৰ্বাধিক ক’ৰনাত আক্ৰান্ত হোৱা মহাৰাষ্ট্ৰতে ক’ৰনাত আক্ৰান্ত হৈছে ৫৩ গৰাকীকৈ সাংবাদিক। যোৱা দেওবাৰে মুম্বাইৰ ১৭১ গৰাকী সাংবাদ সেৱাৰ সৈতে জড়িত লোকক ক’ৰনাত টেষ্ট কৰা হৈছিল আৰু ইয়াৰে ৫৩ গৰাকীৰ দেহত পোৱা গৈছিল কোৰোনাৰ অৱস্থিতি। কোৰোনাত আক্ৰান্ত হোৱা লোকসকল আছিল কাৰ্যালয়ৰ বাহিৰত খবৰ সংগ্ৰহ কৰি ফুৰা সাংবাদিক, ফটোগ্ৰাফাৰৰ লগতে কেমেৰামেন।


এই সকলো কথাত লক্ষ্য ৰাখি অসম চৰকাৰেও সাংবাদিকক লৈ গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। অহা ২৫ এপ্ৰিল তাৰিখে সংবাদিক সকল বিশেষকৈ কাৰ্যালয়ৰ বাহিৰৰ বিভিন্ন পৰিৱেশত খবৰ সংগ্ৰহ কৰি ফুৰা সাংবাদিকসকলৰ বাবে কোৰোনা টেষ্টৰ বাবে দিহা কৰিছে। বুধবাৰে এই কথা সংবাদমেলত ঘোষণাও কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্য বিভাগে ক’ৰনা টেষ্টৰ বাবে গুৱাহাটীৰ জিএমচিএইচত যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *