ৰমজান মাহক লৈ বিশেষ ঘোষণা ইছলামিক চেন্টাৰ অৱ ইণ্ডিয়াইৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ২২ এপ্ৰিল, শিৱসাগৰ :: মাজত আৰু মাত্ৰ কেইটামান দিন। আৰম্ভ হ’ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ প্ৰবিত্ৰ ৰমজান মাহ। এইবাৰ ৰমজান মাহত ঘৰতে থাকি প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে ইছলামিক চেন্টাৰ অৱ ইণ্ডিয়াই। সকলো লোককে ঘৰৰ ভিতৰতে থাকি ৰমজান মাহৰ সকলো নীতি নিয়ম পালন কৰিবলৈ আহ্বান জনাইছে।


লক্ষ্ণৌত ইছলামিক চেন্টাৰ অৱ ইণ্ডিয়াৰ তৰফৰ পৰা মাইকযোগে ঘোষণা কৰা হৈছে এই কথা। উল্লেখ কৰা হৈছে যে লকডাউনৰ প্ৰতি গুৰুত্ব দি ৰমজান মাহৰ সকলো কাম কাজ ৰাইজে ঘৰতে কৰক। উল্লেখ্য যে, অহা ২৪ এপ্ৰিলৰ পৰা ইছলাম ধৰ্মী লোকসকলৰ ৰমজান মাহ আৰম্ভ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *