স্বাস্থ্যকৰ্মীক আক্ৰমণ কৰিলে হ’ব পাৰে ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড

ডিজিটেল ডেস্ক, বিতৰ্ক, ২২ এপ্ৰিল, গুৱাহাটী :: ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে অব্যাহত থকা যুজঁখন সন্মুখৰ পৰা নেতৃত্ব দিয়া স্বাস্থ্যকৰ্মীসকলক আক্ৰমণ কৰা সকলক এতিয়াৰে পৰা প্ৰদান কৰা হব ৩ মাহৰ পৰা ৫ বছৰ পৰ্যন্ত জেল। শেহতীয়াকৈ মোডী চৰকাৰে জাৰি কৰিছে এই অধ্যাদেশ। ইয়াৰ লগতে কেন্দ্ৰই স্পষ্ট কৰি দিছে যে কৰ্তব্যৰত চিকিৎসকৰ বাহন অথবা সা-সম্পত্তি যদিহে কোনো লোকে নষ্ট কৰে তেন্তে দুগুণ মূল্য প্ৰদান কৰিব লাগিব।

কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিষয়ে সংবাদমাধ্যমৰ আগত অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেদকাৰে। ৰাষ্ট্ৰীয় মহামাৰী আইনৰ অধীনত এই অধ্যাদেশ কাৰ্যকৰী কৰা হ’ব। স্বাস্থ্যকৰ্মীসকলৰ যিকোনো আক্ৰমণৰ ঘটনাৰ তদন্ত ৩০ দিনৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব। অভিযুক্তক কাৰাদণ্ডৰ লগতে ৫০ হাজাৰৰ পৰা ২ লাখ টকা পৰ্যন্ত জৰিমণা বিহা ব্যৱস্থাৰ বিষয়েও অৱগত কৰে কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাবেদকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *