এটা ভাল খবৰঃ ক’ৰনাৰ ভেক্সিন মানুহৰ শৰীৰত পৰীক্ষা কৰিবৰ বাবে সাজু!

ডিজিটেল ডেস্ক, বিতৰ্ক, ২২ এপ্ৰিল, শিৱসাগৰ :: বিশ্বৰ বাবে এটা ভাল খবৰ আহিছে। বিশেষজ্ঞই আশা কৰিছে যে ক’ভিড-১৯ৰ ভেকচিন খুব কম সময়ৰ ভিতৰতে বিশ্বৰ বজাৰত মুকলি হ’ব। ব্ৰিটেইনৰ চৰকাৰে ঘোষণা কৰা অনুসৰি অক্সফোৰ্ড বিশ্ববিদ্যালয়ে তৈয়াৰ কৰি উলিয়াইছে ক’ভিড-১৯ৰ সম্ভাব্য ভেকচিনক। এই ভেকচিনক মানুহৰ শৰীৰত পৰীক্ষা চলোৱাৰ কাম বৃহস্পতি বাৰৰ পৰা আৰম্ভ হ’ব। যোৱা সপ্তাহত Indian Council Of Medical Research (ICMR) য়েও অক্সফোৰ্ডৰ ভেকচিন ‘ChAdOX1‘ ক সমৰ্থন জনাইছিল আৰু এই ভেকচিনক ক’ভিড-১৯ৰ উল্লেখযোগ্য ভেকচিন হিচাপে গণ্য কৰিছিল।

ব্ৰিটেইনৰ চৰকাৰৰ তথ্য অনুসৰি, অক্সফোৰ্ড বিশ্ববিদ্যালয়ে তৈয়াৰ কৰি উলিওৱা সাম্ভাব্য ভেকচিন ১৮ ৰ পৰা ৫৫ বছৰ বয়সৰ ১১১২ জন ব্যক্তিৰ ভিতৰত ৫১০ জন ব্যক্তি চিনাক্ত কৰি এই সকলৰ জৰিয়তে এই ভেকচিনৰ ট্ৰায়েল কৰা হ’ব। DailyMail ৰ তথ্য অনুসৰি, এই কথা UK ৰ সংসদত সদৰি কৰিছে ব্ৰিটেইনৰ হেল্থ চেক্ৰেটাৰী Matt Hencock য়ে। ইয়াৰ উপৰিও ব্ৰিটেইনৰ চৰকাৰে বৈজ্ঞানিক সকলক এই ট্ৰায়েলৰ বাবে ২০ মিলিয়ন পাউণ্ডৰ সাহায্য আগবঢ়াইছে আৰু লণ্ডনৰ ইমপেৰিয়াল কলেজত চলি থকা আন ক’ভিড-১৯ৰ প্ৰজেক্টৰ বাবে অতিৰিক্ত ২২.৫ মিলিয়ন পাউণ্ডৰ পুঁজি মুকলি কৰিছে। বৈজ্ঞানিকসকলৰ তৰফৰ পৰা কোৱা হৈছে যে যদি এই ভেকচিন মানুহৰ শৰীৰত প্ৰয়োগ কৰাৰ ট্ৰায়েলত সকলোবোৰ ঠিকে থাকে, তেতিয়াহলে তেওঁলোকে খুব কম সময়ৰ ভিতৰতে সকলোবোৰ যাৱতীয় পৰীক্ষা সম্পুৰ্ণ কৰি এই ভেকচিনক চাৰ্টিফাইড কৰি মাচ প্ৰডাকচন আৰম্ভ কৰি ছেপ্টেম্বৰ মাহৰ ভিতৰতেই সকলোৰে বাবে উপলব্ধ কৰাবলৈ সক্ষম হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *