শিৱসাগৰত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়াৰ সংক্ৰমণ প্ৰতিৰোধৰ সন্দৰ্ভত টাস্ক ফ’ৰ্চৰ বৈঠক

ডিজিটেল ডেস্ক, বিতৰ্ক, ২১ এপ্ৰিল, শিৱসাগৰ :: শিৱসাগৰ জিলাত ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে লোৱা ব্যৱস্থাৱলীৰ সমান্তৰালকৈ জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়া ৰোগৰ সাম্ভাৱ্য সংক্ৰমণ প্ৰতিৰোধৰ বাবেও জিলা প্ৰশাসনে স্বাস্থ্য বিভাগৰ জৰিয়তে আগতীয়া প্ৰস্তুতি আৰম্ভ কৰিছে ।

অতিৰিক্ত উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ দায়িত্বত থকা প্ৰশাসনিক বিষয়া বিদিত দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়া ৰোগৰ সাম্ভাৱ্য সংক্ৰমণ ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী যেনে – টীকাকৰণ, ফ’গিং কৰা, ঔষধযুক্ত আঁঠোৱা আৰু প্ৰয়োজনীয় দৰৱ মজুত ৰখা, জ্বৰ-পানীলগা আদি লক্ষণ প্ৰত্যক্ষ কৰা লোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা ইত্যাদি বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয় ।

সভাত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই জাপানীজ এনকেফেলাইটিছ আৰু মেলেৰীয়া ৰোগৰ সাম্ভাৱ্য সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগৰ ফালৰ পৰা গ্ৰহণ কৰা ব্যৱস্থাৱলী আৰু সামগ্ৰিক পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। সভাত অতিৰিক্ত উপায়ুক্ত বিদিত দাসে সাম্প্ৰতিক বিশ্বজোৰা ক’ভিড-১৯ ৰোগৰ সংক্ৰমণৰ ভয়াবহতাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য কৰ্মী সকলৰ মনোবল বঢ়োৱাৰ বাবে উদ্যোগ গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট সকলো বিভাগকে আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *