কে এল ৰাহুলে বিশ্বকাপত ব্যৱহাৰ কৰা বেট নিলামত কিয় দিলে?

ডিজিটেল ডেস্ক, বিতৰ্ক, ২১ এপ্ৰিল, শিৱসাগৰ :: ভাৰতীয় ক্ৰিকেট দলৰ বেটছমেন কে এল ৰাহুলে বঞ্চিত শিশুসকলৰ সহায়ৰ বাবে যোৱা বৰ্ষত বিশ্বকাপত ব্যৱহাৰ কৰা বেটখনৰ লগতে আৰু কিছু অন্য সামগ্ৰী নিলাম কৰাৰ কথা জানিব পৰা গৈছে। এটা বাৰ্তাৰ জৰিয়তে ৰাহুলে কয় যে নিলামৰ পৰা লাভ কৰিব লগীয়া ধনৰাশি ‘অৱাৰে ফাউণ্ডেশ্যন’লৈ যাব আৰু তেওঁলোকে বঞ্চিত আৰু দুখীয়া শ্ৰেণীৰ শিশুসকলক শিক্ষা প্ৰদানৰ বাবে কাম কৰিব।

ৰাহুলে কয়, ‍‘মই পেড, গ্লোভছ, হেলমেট আৰু কেইটামান জাৰ্চি সহযোগী ভাৰত আৰ্মিক প্ৰদান কৰিছো। তেওঁলোকে এইবোৰ নিলাম কৰিব আৰু তাৰ পৰা লাভ কৰা ধনৰাশি অৱাৰে ফাউণ্ডেশ্যনলৈ যাব’। জানিব পৰা মতে সোমবাৰৰ পৰা আৰম্ভ হোৱা নিলামত ৰাহুলে সকলো লোককে অংশ ল’বলৈ কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *