উত্তৰ কোৰিয়াৰ প্ৰতাপী শাসক কিম জঙৰ স্বাস্থ্যৰ অৱনতি
ডিজিটেল ডেস্ক, বিতৰ্ক, ২১ এপ্ৰিল, শিৱসাগৰ :: সমগ্ৰ বিশ্বৰে এটা ত্ৰাসৰ নাম কিম জং উন। উত্তৰ কোৰিয়াৰ শাসন পদ্ধতিৰ লগতে নিজা জীৱন শৈলীৰ বাবে সমগ্ৰ বিশ্বতে অতিকৈ চৰ্চিত কিম জংৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আমেৰিকা চোৰাংচোৱা সংস্থাই সদৰি কৰা মতে, কিম জঙৰ শেহতীয়াকৈ হোৱা হাৰ্ট ছাৰ্জাৰী অসফল হৈছে। যাৰ বাবে তেওঁ স্বাস্থ্য অতি বেয়াকৈ অৱনতি ঘটিছে।
উল্লেখ্য যে, উত্তক কোৰিয়াৰ শাসক কিম জং উনে শেহতীয়াকৈ দেশৰ নেচনেল হলীডে’ৰ কাৰ্যসূচীত অংশগ্ৰহণৰ কৰা নাছিল, তাৰ পিছতে তেওঁৰ অসুস্থাক লৈ চৰ্চা চলিছিল। আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, ইয়াৰ মাত্ৰ চাৰিদিন পূৰ্বে কিম জং উনক এখন সভাত দেখা গৈছিল। কিম জং উনে শাসনভাৰ লোৱাৰে পৰা নেচনেল হলিডে’ৰ কাৰ্যসূচীত উপস্থিত নথকাকৈ থকা নাই। অৱশ্যে উত্তৰ কোৰিয়াই এনেধৰণৰ দাবীক বাৰম্বাৰ মিছা আখ্যা দি আহিছে।