অসম আৰোগ্য নিধিলৈ ৪৬ হাজাৰ ব্যক্তিৰ ১০৫ কোটি টকাৰ বৰঙণি
ডিজিটেল ডেস্ক, বিতৰ্ক, ২১ এপ্ৰিল, শিৱসাগৰ :: স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰোগ্য নিধিলৈ অহা শেহতীয়া দান বৰঙণিৰ তথ্য দাঙি ধৰি বৰঙণি আগবঢ়োৱা সকলো ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰে। নিজৰ টুইটাৰ আৰু ফেচবুকৰ জৰিয়তে তেওঁ প্ৰকাশ কৰে যে অসম আৰোগ্য নিধিলৈ বৰ্তমান ১০০.৫০কোটি টকাৰ বৰঙণি আহিছে। মুঠ ৪৬হাজাৰ ৪৭০গৰাকী ব্যক্তিয়ে এই বৰঙণি আগবঢ়াইছে।
This Century is Like No Other 👍
I join millions in extending our gratefulness to 46470 people whose generous donations helped us reach Rs 100.50 crores in Assam Arogya Nidhi. The 1-day salary contribution of state Govt employees made this happen faster.
God bless you all. pic.twitter.com/TH9cAmXHSY
— Himanta Biswa Sarma (@himantabiswa) April 20, 2020
মন্ত্ৰীগৰাকীয়ে ইয়াক এক অনবদ্য শতক বুলি অভিহিত কৰি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ৰাজ্যিক কৰ্মচাৰীসকলে এদিনৰ দৰমহা আগবঢ়োৱাৰ ফলত দ্ৰুতগতিত ইমানখিন ধন সংগ্ৰহ হোৱা বুলিও ব্যক্ত কৰে। অসম আৰোগ্য নিধিলৈ বিভিন্ন ব্যক্তি, অনুষ্ঠানৰ বৰঙণি অব্যাহত আছে।