লকডাউনত ভাৰতীয় খাদ্য নিগমে উত্তৰ-পূবলৈ যোগান ধৰিছে ৩.৫১ লাখ টন খাদ্য সামগ্ৰী

ডিজিটেল ডেস্ক, বিতৰ্ক, ২০ এপ্ৰিল, শিৱসাগৰ :: দেশত চলি থকা লকডাউনৰ সময়চোৱাত ভাৰতীয় খাদ্য নিগম এ উত্তৰ পূৱৰ সুলভ মূল্যৰ দোকানসমূহৰ জৰিয়তে দুখীয়া লোকৰ মাজত প্ৰায় ৩.৫১ লাখ টন চাউল যোগান ধৰিছে। এই সন্দৰ্ভত এফ চি আইয়ে জনোৱা মতে ৩.৫১ লাখ টনৰ ভিতৰত ১.৭৪ লাখ টন প্ৰধানমন্ত্ৰীৰ গৰীব অন্ন যোজনা আৰু বাকী ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত প্ৰদান কৰা হৈছে।

উল্লেখ্য যে এই পৰ্যন্ত অসমক ২.১৬ লাখ টন, মেঘালয়ক ৩৮ হাজাৰ টন, ত্ৰিপুৰাক ৩৩ হাজাৰ টন, মণিপুৰক ১৮ হাজাৰ টন, অৰুণাচল প্ৰদেশক ১৭ হাজাৰ টন, মিজোৰামক ১৪ হাজাৰ টন আৰু নাগালেণ্ডক ১৪ হাজাৰ টন খাদ্য সামগ্ৰী প্ৰদান কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *