ঘৰৰ বাহিৰলৈ ওলালে কি কৰিব লাগিব আপুনি…
ডিজিটেল ডেস্ক, বিতৰ্ক, ২০ এপ্ৰিল, শিৱসাগৰ :: আজি আৰক্ষী সঞ্চালকপ্ৰধান ভাষ্কৰজ্যোতি মহন্তই সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলত মহন্তই অসমবাসী ৰাইজে ঘৰৰ পৰা বাহিৰলৈ ওলালে কি কি কৰিব লাগিব সেই বিষয়ে সদৰি কৰে।
মাস্ক পিন্ধা বাধ্যতামূলক।
সকলো লোককে সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ আহ্বান।
৫০০০জন অতিৰিক্ত হোম গাৰ্ড দিয়া হৈছে অসম আৰক্ষীক। তেওঁলোকে আৰক্ষীক সহায় কৰিব।
৫জনতকৈ অধিক লোক সমবেত নহ’বলৈও আহ্বান।
স্থানীয় প্ৰশাসনে চকু দিব বিয়াৰ লগতে আন আন অনুষ্ঠানত।
ধঁপাতজাতীয় সামগ্ৰীতো নিষেধাজ্ঞা দিয়া হৈছে।
দুচকীয়া বাহনত কেৱল এজন লোকহে যাত্ৰা কৰিব পাৰিব।
৪ চকীয়া বাহনত কেৱল ২জনহে লোক যাব পাৰিব।
আৰক্ষীয়ে অব্যাহত ৰাখিব যানবাহন তালাচী।
অত্যাৱশ্যকীয় সেৱাৰে জড়িত লোকে লগত নিব লাগিব পৰিচয় পত্ৰ।
দোকানত কাম কৰা লোকসকলেও লগত ৰাখিব লাগিব পৰিচয় পত্ৰ।
স্বাস্থ্য বিভাগৰ লোক অনাহকত আৰক্ষীৰ ৰোষত পৰিলে তেওঁৰ বিৰুদ্ধেও হ’ব পাৰে ব্যৱস্থা।
ছ’চিয়েল মেডিয়াত পোষ্ট কৰোতেও সাৱধান হোৱাৰ আহ্বান আৰক্ষীৰ।
ডিলিট কৰা হৈছে বহু ফেচবুকৰ পোষ্ট।
এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে বহুলোকক।