আৰ্তজনলৈ বৃহত্তৰ শিৱসাগৰ জিলা সাংবাদিক মঞ্চৰ সাহায্য
ডিজিটেল ডেস্ক, বিতৰ্ক, ১৯ এপ্ৰিল, শিৱসাগৰ :: লকডাউনৰ সময়ছোৱাত খাদ্যৰ সমস্যাত পৰা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালক আজি বৃহত্তৰ শিৱসাগৰ জিলা সাংবাদিক মঞ্চই খাদ্য সামগ্ৰী প্ৰদান কৰে। নগৰৰ বাবুপট্টি, গণকপট্টি, মেলাচকৰ অঞ্চলৰ ২৮ টা পৰিয়ালক আজি সাংবাদিক মঞ্চৰ হৈ লুইচ হাজৰিকা, পংকজ খাউণ্ড, প্ৰশান্ত বৰগোহাঁই, ইন্দ্ৰশেখৰ শৰ্মাই চাউল, দাইল, আলু, মিঠাতেল, চয়াবিন, চাবোন আদি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে। পৰৱৰ্তী সময়তো মঞ্চই পৰ্যায়ক্ৰমে খাদ্য সামগ্ৰী বিতৰণ কৰি যাব বুলি সম্পাদক পংকজ খাউণ্ডে জানিবলৈ দিয়ে।