অসমত আৰু এজন ক’ৰনা আক্ৰান্তক মুকলিঃ ১৮ জনলৈ বৃদ্ধি পালে আৰোগ্যৰ সংখ্যা

ডিজিটেল ডেস্ক, বিতৰ্ক, ২০ এপ্ৰিল, শিৱসাগৰ :: অসমৰ বাবে আহিছে আন এক সুখবৰ। ৰাজ্যখনত বৰ্তমানলৈ ক’ৰনাত আক্ৰান্ত ১৮ জন ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে। এই কথা জনালে বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সোমবাৰে সোণাপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা হজৰত আলী নামৰ ক’ৰনাত আক্ৰান্ত ৰোগী গৰাকীয়ে সুস্থ হৈ উঠে ৷ তেখেতক আজি সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়।



হজৰত আলীক দুবাৰকৈ ক’ৰনা ভাইৰাছৰ স্থিতি সম্পৰ্কে পৰীক্ষা কৰা হয় আৰু পৰীক্ষাৰ ফলাফল ঋণাত্মক পোৱা যায়। উল্লেখনীয় যে অসমত ৩৪ গৰাকী ব্যক্তি ক’ৰনাত আক্ৰান্ত হৈছিল। ইয়াৰে ১জন মৃত্যুমুখত পৰাৰ লগতে ১৫ গৰাকী ক’ৰনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *