শিৱসাগৰত ৰাজহুৱা যোগান আৰু চৰকাৰী সাহায্য প্ৰদান ব্যৱস্থাত জিলা প্ৰশাসনৰ নজৰঃ ১জনক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৯ এপ্ৰিল, শিৱসাগৰ :: ক’ভিড-১৯ ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চলি থকা সাম্প্ৰতিক লকডাউনৰ সময়চোৱাত ৰাজহুৱা বিতৰণ ব্যৱস্থা বিভিন্ন অনিয়ম হোৱাৰ কথা পোহৰলৈ আহিছে । এইক্ষেত্ৰত অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ তৰফৰ পৰা ৰেচন কার্ডত নাম নথকা দিন হাজিৰা কৰা শ্রমজীৱী লোকক প্ৰদান কৰা এহেজাৰ টকাৰ বিতৰণৰ ক্ষেত্ৰত উঠা কিছু অনিয়মৰ অভিযোগৰ সন্দৰ্ভত তদন্ত কৰি দোষী লোকসকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। জিলাখনৰ নামতি আলি গাঁও পঞ্চায়তৰ ১ নং ৱাৰ্ডৰ সদস্য আব্দুল মজিদ আৰু সমবায় সমিতিৰ এজেন্ট আব্দুল মতিনে ১০০০ টকা বিতৰণৰ ক্ষেত্ৰত হিতাধিকাৰীৰ তালিকাত নীতিবহিৰ্ভূত ভাৱে ৰেচন কাৰ্ড থকা লোকৰ নাম অন্তৰ্ভুক্ত কৰিছিল। এই ক্ষেত্ৰত তদন্ত কৰি আমগুৰিৰ খণ্ড উন্নয়ন বিষয়াই নামতি আৰক্ষী চকীত দুয়োগৰাকী লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

উল্লেখযোগ্য যে, একেধৰণৰ ঘটনা সংঘটিত হয় নাজিৰা উন্নয়ন খণ্ডৰ অধীনৰ দোলাকাষৰীয়া গাঁও পঞ্চায়তত। দোলাকাষৰীয়া গাঁও পঞ্চায়তৰ অধীনস্থ ১০ নং ৱাৰ্ডৰ সদস্য চাহিদুৰ হুছেইনক গেলেকী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই গ্ৰেপ্তাৰ কৰে। আনগৰাকী অভিযুক্ত ৯ নং ৱাৰ্ডৰ সদস্যা অৰিফা খাতুন বৰ্তমান পলাতক অৱস্থাত আছে।

আনহাতে, আমগুৰিৰ খণ্ড উন্নয়ন বিষয়াই হিতাধিকাৰীৰ তালিকাত ৰেচন কাৰ্ড থকা লোকৰ নাম অন্তৰ্ভুক্ত কৰি নীতি বহিৰ্ভূতভাৱে ১০০০ টকা প্ৰদান কৰাৰ গোচৰৰ ভিত্তিত সুলভ মূল্যৰ চাউল বিতৰণ কৰা এজেন্ট বিকুল গগৈ আৰু পাঙেৰা গাঁও পঞ্চায়তৰ ৪ নং ৱাৰ্ডৰ সদস্যা মনোৰমা গগৈৰ বিৰুদ্ধে আমগুৰি আৰক্ষী চকীত দুয়োৰে বিৰুদ্ধে এজাহাৰ দাখিল কৰে। হালোৱাটিং বজাৰ অঞ্চলত মেঘনাথ যাদব নামৰ এক ব্যক্তিৰ ঘৰত ৯ কুইণ্টল ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনৰ চাউল উদ্ধাৰ কৰি হালোৱাটিং থানাত অভিযোগ নামা দাখিল কৰা হয় আৰু সেই মৰ্মে গোচৰ ৰজু কৰি ব্যক্তিজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৷ বকতা নেমুগুৰি অঞ্চলৰ নন্দলাল চাহু নামৰ গেলামাল দোকানত অভিযান চলাই গ্ৰাহকক পৰা প্ৰশাসনে নিৰ্ধাৰন কৰি দিয়া দৰতকৈ অধিক দৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আদায় কৰা আৰু অন্যান্য অসোৱাহ ধৰা পৰাত নেমুগুৰি থানাত অভিযোগ নামা দাখিল কৰা হয় ৷

ডিমৌ কেন্দুগুৰি অঞ্চলত মনোজ চাহু নামৰ এজন ব্যক্তিৰ ঘৰত ২৪ টা ঘৰুৱা সংযোগৰ আৰু ১ টা ব্যৱসায়িক সংযোগৰ ৰন্ধন গেচৰ চিলিণ্ডাৰৰ লগতে ১৮ খন গেচ সংযোগৰ কাৰ্ড অবৈধভাৱে মজুত ৰখাৰ অপৰাধত জব্দ কৰা হয় আৰু এই সম্পৰ্কত যাবতীয় তদন্ত আৰু আইনী প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে৷ জিলা প্ৰশাসনৰ শাক-পাচলি সম্পৰ্কীয় নিৰ্দেশনা অমান্য কৰা আৰু সামাজিক দুৰত্ব উলংঘা কৰাৰ অপৰাধত শিৱসাগৰ আৰু ডিমৌত বৃহৎ পৰিমাণৰ শাক-পাচলি জব্দ কৰা হৈছে আৰু শিৱসাগৰ সদৰ থানাত দুজন ব্যৱসায়ীৰ ওপৰত অভিযোগ দাখিল কৰে। এতিয়ালৈকে জিলাখনৰ মুঠ ৩ খন সুলভ মূল্যৰ দোকানত অভিযান চলাই ৰেচন কাৰ্ডৰ গৰাকীক প্ৰাপ্য চাউলতকৈ কম চাউল আদায় দিয়া আৰু ‘অসম ৰাজহুৱা বিতৰণ বিধি- ১৯৮২’ আৰু ‘লক্ষ্য নিৰ্ধাৰিত ৰাজহুৱা বিতৰণ ব্যৱস্থা নিয়ন্ত্ৰন আদেশ- ২০১৫’ -ৰ অধীনৰ বিভিন্ন দফা ভঙ্গ কৰাৰ অপৰাধত নিলম্বিত কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *