শিৱসাগৰত ঐক্য সেনা অসমৰ খাদ্য সামগ্ৰী বিতৰণ

ষ্টাফ ৰিপৰ্টাৰ, বিতৰ্ক, ১৮ এপ্ৰিল, শিৱসাগৰ :: সমগ্র বিশ্বত মহামাৰী ক’ৰনাই এতিয়া সংহাৰী ৰূপ ধাৰণ কৰিছে। এইপৰ্যন্ত সমগ্ৰ বিশ্বতে কেইবালক্ষ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে লক্ষ্যাধিক লোক মৃত্যু মুখত পৰিছে। ক’ৰনা ভাইৰাছৰ এই সন্ত্ৰাসৰ পৰা ভাৰতবৰ্ষও পাব পৰা নাই পৰিত্ৰাণ। এতিয়ালৈ ভাৰতত প্ৰায় ১৫ হাজাৰ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় পাচঁ শতাধিক লোকৰ মৃত্যু হৈছে। আনহাতে ইয়াৰ লগতে আছে এক ভাল খবৰো। কিয়নো এই মূহুৰ্তলৈকে সমগ্ৰ বিশ্বত প্ৰায় ৬ লাখ লোকে আৰোগ্য লাভ কৰাৰ বিপৰীতে ভাৰতত দুই সহস্ৰাধিক লোকে আৰোগ্য লাভ কৰিছে।

ইফালে ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ বাবে সমগ্ৰ দেশতে ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ শেষ হোৱাৰ পিছতো পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৩ মে’ লৈকে বৃদ্ধি কৰিছিল লকডাউন। যাৰ পৰিপ্ৰেক্ষিতত দেশৰ সকলো প্ৰান্তৰ দৰিদ্ৰ দিন হাজিৰা কৰা লোকসকলৰ একপ্ৰকাৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিখনে এই দৰিদ্ৰ লোকসকলক কিঞ্চিত পৰিমাণে হলেও সকাহ প্ৰদান কৰে। উল্লেখযোগ্য যে ঐক্য সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ সদস্যসকল জিলাখনৰ চিন্তামনি গড়, মৌপুৰীয়া গাওঁ, কাৰেং তিনি আলি, কমাৰদফীয়া, মৰনৈকিনাৰ, টেক্সি আলি, মেচাগড, পলশনি, হাতীখোঁক, বিজি ৰোড, বৰ্ডিং ৰোড আদি ঠাইৰ ৩০০ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰন কৰে। এই কাৰ্য্যসূচীত ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাৰ লগতে জিলা সমিতিৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত আছিল। জিলা সমিতিৰ এনে মহৎ কাৰ্যক সকলোৱে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *