ব্লাড বেংকত জমা আছে মাত্ৰ ১৩ টা ইউনিতঃ নিদ্ৰাত জিলা স্বাস্থ্য বিভাগঃ ৰেচকিউৰ ৰক্তদান শিবিৰৰ আয়োজন

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৮ এপ্ৰিল, শিৱসাগৰ :: শিৱসাগৰ জিলাৰ অসামৰিক চিকিৎসালয়ৰ একমাত্ৰ চৰকাৰী ব্লাড বেংকত লকডাউনৰ সময়ছোৱাত পৰ্য্যাপ্ত পৰিমাণৰ তেজৰ ইউনিত জমা নথকাৰ এক ভয়ংকৰ কথা পোহৰলৈ আহিছে। চিকিৎসালয় কতৃপক্ষই জনোৱা অনুসৰি এইপৰ্যন্ত জিলাখনৰ একমাত্ৰ চৰকাৰী ব্লাড বেংকতোত জমা আছে মাত্ৰ ১৩ টা বিভিন্ন ব্লাড গ্ৰুপৰ ইউনিত। তথ্য অনুসৰি ব্লাড বেংকতোত বি-পজিটিভ ১১ টা, অ-পজিটিভ ১ টা আৰু অ-নিগেটিভ ১ টা এতিয়ালৈকে জমা আছে।

উল্লেখযোগ্য যে, লকডাউনৰ এই সময়ছোৱাত যদি জিলাখনৰ কোনো ঠাইত দূৰ্ঘটনাগ্ৰস্ত, প্ৰসূতি ৰোগ বা অন্যান্য কোনো জৰুৰী ৰোগীক তেজৰ প্ৰয়োজন হয় তেন্তে তেনে ৰোগীৰ বাবে চিকিৎসালয়খনত পোৱা নায়াব পাৰে পৰ্য্যাপ্ত পৰিমাণৰ তেজৰ ইউনিত। লকডাউনৰ এই সময়ছোৱাৰ বাবে চিকিৎসালয় কতৃপক্ষ কিম্বা জিলা স্বাস্থ্য বিভাগে সামাজিক দূৰত্ব বৰ্তাই ৰাখি ৰক্তদান শিবিৰৰ আয়োজন কৰা প্ৰয়োজন আছিল যদিও এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰত সাধাৰণ ৰাইজ তথা দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

আনহাতে জিলা প্ৰশাসনৰ অনুমতি গ্ৰহণ কৰি শিৱসাগৰৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন ৰেচকিউৰ উদ্যোগত অহা কালিলৈ পুৱা ১০ বজাৰ পৰা বিয়লি ৩ বজালৈ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত এক ৰক্তদান শিবিৰৰ আয়োজন কৰিছে। ইচ্ছুক ব্যক্তিক ৭০০২৮০৯৮৭৩ আৰু ৯৮৫৪৫৯০০৯ নম্বৰত যোগাযোগ কৰিবৰ বাবে স্বেচ্ছাসেৱী সংগঠনতোৰ বিষয়ববীয়া সকলে আহ্বান জনাইছে। উল্লেখ্য যে ৰেচকিউৰ বিষয়ববীয়া আৰু সদস্যসকলে লকডাউনৰ এই সময়ছোৱাত ১৫ গৰাকী ৰোগীক বিভিন্ন গ্ৰুপৰ তেজ স্বেচ্ছামূলক ভাৱে ইতিমধ্যে প্ৰদান কৰিছে। ৰেচকিউৰ এই মহৎ কাৰ্যক শিৱসাগৰৰ বিভিন্ন শ্ৰেণীৰ লোকে ভূয়সী প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *