শিৱসাগৰত গাহৰিৰ দেহত মহামাৰীঃ ছোৱাইন ফিভাৰত কেইবাশতাধিক গাহৰিৰ মৃত্যু
ডিজিটেল ডেস্ক, বিতৰ্ক, ১৭ এপ্ৰিল, শিৱসাগৰ :: ক’ৰনা মহামাৰীৰ বাবে সমগ্ৰ দেশৰ লগতে অসমবাসীও আতংকিত হৈ থকাৰ সময়তে এইবাৰ শিৱসাগৰত গাহৰিৰ ক্ষেত্ৰত দেখা দিছে অন্য এক ৰোগে৷ শিৱসাগৰ আৰু ডিমৌ ৰাজহ চক্ৰৰ মুঠ ২০ খন গাঁৱত গাহৰিৰ শৰীৰত দেখা দিছে ছোৱেইন ফিভাৰ। এইপৰ্যন্ত প্ৰায় ২৮০০ টা গাহৰিলৈ এই ছোৱাইন ফিভাৰৰ সংক্ৰমন ঘটাৰ কথা জানিব পৰা গৈছে৷ ইয়াৰে প্ৰায় ৭৪০ টা গাহৰি মৃত্যুমুখত পৰিছে বুলি বিভাগীয় তথ্যত সদৰি কৰিছে ৷
ইফালে ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিৰ চিকিৎসাৰ ব্যৱস্থা পশু চিকিৎসা বিভাগৰ পৰা কৰা হৈছে যদিও ছোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিৰ মৃত্যুৰ সম্ভাৱনা ৮০ শতাংশ বুলি চিকিৎসকে প্ৰকাশ কৰা ঘটনাই ভয়াৱহ ইংগিত বহন কৰিছে ৷ উল্লেখ্য যে মানৱ শৰীৰলৈ এই ৰোগ সংক্ৰমিত নহয় যদিও গাহৰিৰ পৰা অন্য জীৱ-জন্তুলৈও ছোৱাইন ফিভাৰ সংক্ৰমিত হোৱাৰ সম্ভাৱনা থকা বিষয়টোৱে এতিয়া সকলোকে চিন্তাত পেলাইছে।