লকডাউনত আৰ্তজনৰ কাষত গঙ্গা চেৰিটেবল ট্ৰাষ্টঃ দৰিদ্ৰজনলৈ ডাঃ অনুৰাধা চৌধুৰীৰ সহায়ৰ হাত

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৭ এপ্ৰিল, গুৱাহাটী :: সমগ্ৰ বিশ্বতে বৰ্তমান নভেল ক’ৰনা ভাইৰাছৰ আতংকই বিৰাজ কৰিছে। এই মহামৰীত বিশ্বৰ কেইবালক্ষ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে এতিয়ালৈকে মৃত্যু মুখত পৰিছে লক্ষ্যাধিক লোকো। এই মহামাৰীৰ পৰা হাৰি যোৱা নাই ভাৰতবৰ্ষও। যাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সমগ্ৰ দেশতে ২১ দিনীয়া লকডাউন ঘোষণাৰ পিচত পুণৰবাৰ অহা ৩ মে’ লৈকে লকডাউন ঘোষণা কৰিছে।

এই লকডাইনৰ সময়ত আৰ্তজনৰ কাষত ঠিয় দিছে গুৱাহাটীৰ বিশিষ্ট চিকিৎসক তথা উদ্যোগী মহিলা ডাঃ অনুৰাধা চৌধুৰী। আজি এইগৰাকী চিকিৎসকে গুৱাহাটীৰ সোণাপুৰস্থ মাটিয়াগোগ গাওঁখনৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰায় ১০০ টা পৰিয়ালক প্ৰদান কৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী। প্ৰতিটো পৰিয়ালক  চাউল, দাইল, আলু, পিয়াজ ইত্যাদি বিতৰণ কৰে উদ্যেগী চিকিৎসকগৰাকীয়ে। ডাঃ চৌধুৰীৰ আহ্বান মৰ্মে এই কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে গাঁওৰক্ষী বাহিনীৰ সম্পাদক তথা স্থানীয় প্ৰশাসনে। দেশৰ এই দূৰ্যোগৰ সময়ত দৰিদ্ৰ সকলৰ কাষত থিয় দিয়াৰ বাবে ডাঃ অনুৰাধা চৌধুৰীৰ এনে মহৎ কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *