যোৰহাটত ভূৱা সাংবাদিকঃ উদ্ধাৰ বিভিন্ন চৰকাৰী বিভাগৰ চিল মোহৰ

ডিজিটেল ডেস্ক, বিৰ্তক, ১৭ এপ্ৰিল, যোৰহাট::  সাংবাদিকতাৰ নীতি-নিয়মক ভৰিৰে মোঁহাৰি একাংশ সাংবাদিক নামধাৰী লোকে সাংবাদিকতাৰ ক্ষেত্ৰ খনেই কলুষিত কৰি পেলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। মাথো ব্লেকমেইলিঙকেই ধন ঘটাৰ একমাত্ৰ মাধ্যম হিচাপে এটা মোবাইল হাতত লৈ এচামে গাঁৱে -ভুঁঞে চলাই আহিছে সাংবাদিক সন্ত্ৰাস। পশ্চিম যোৰহাটৰ টেকেলা গাঁৱৰ জগত নেঁওগ নামৰ এনে এজন ধুৰন্ধৰে বিগত কেইবা বছৰধৰি ব্লেকমেইলিং আৰু ধন দাবীৰে চলাই আহিছিল নিজা ৰমৰমীয়া ব্যৱসায় । কেৱল ধন ঘটাৰ উদ্দেশ্যেৰে হাতত এটা মোবাইল আৰু অখ্যাত এটা ৱেব পৰ্টেলৰ লগ’ লৈ এওঁ এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। অৱশেষত, এশ গৰু মাৰিলে বাঘৰো মৰণৰ দৰেই দশা হল এওঁৰ ক্ষেত্ৰতো। এটা জাতিলাৱে পোহৰলৈ আনিলে এওঁৰ কু কীৰ্তি । অঞ্চলটোৰ লাবন্য নেওঁগ নামৰ এগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে দুদিন পূৰ্বে মধ্যহ্ন ভোজন বন্ধ থকাত এটা জাতিলাও ঘৰলৈ বুলি লৈ আহোঁতে এইজন তথাকথিত সাংবাদিকে মোবাইলত ভিডিঅ’ কৰি সামাজিক মাধ্যমত স্বউদ্দেশ্য সিদ্ধিৰ বাবে শিক্ষয়ত্ৰী গৰাকীৰ ভাব মূৰ্তি নিমিষতে শেষ কৰি দিছিল। শিক্ষয়ত্ৰী গৰাকীয়ে প্ৰচণ্ড মানসিক চাপত ভোগাৰ লগতে এই ঘটনাত হতভম্ব হয় যোৰহাটৰ সচেতন ৰাইজ।

শিক্ষয়ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত পুলিবৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত ২৩৪/২০ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৪১৯/৫০০/৫০৬ ধাৰা আৰু আৰ ডব্লিউ ৬৭ আই টি ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে তথাকথিত সাংবাদিক জনৰ ঘৰত যোৱা নিশা অভিযান চলাই যদিও তেওঁ আত্মগোপন কৰে। কিন্তু এই অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এইজন ভুৱা তথাকথিত সাংবাদিকৰ কেতবোৰ ভয়ংকৰ জালিয়াতি। তেওঁৰ ঘৰত উদ্ধাৰ হৈছে বিভিন্ন প্ৰশাসনিক বিষয়াৰ প্ৰায় ৩৮ টা ভুৱা ছিল মোহৰ। কেইবাখনো জিলাৰ চক্ৰ বিষয়া, অতিৰিক্ত উপায়ুক্ত, উপ পঞ্জীয়ক, মৌজাদাৰ, আদি বিভিন্ন বিষয়াৰ ভুৱা ছিল মোহৰ। বিগত সময়ত এই যুৱক জনে বিভিন্ন ঋণ, চৰকাৰী চাকৰি, মাটি বাৰীৰ কাম-কাজ আদি অনৈতিকভাৱে কৰি আহিছিল আৰু বিভিন্ন লোকক ব্লেকমেইল কৰি লাখ লাখ টকাৰ সম্পত্তিৰ পাহাৰ গঢ়িবলৈ সক্ষম হৈছিল। ইফালে এইজন ব্লেকমেইলাৰৰ ভাতৃ প্ৰশান্ত নেওঁগৰ বিৰুদ্ধেও আছে এনে বহু অভিযোগ। বোকাখাত থানাত গড়ৰ খৰ্গৰ অবৈধ বেহা আৰু পুলিবৰ আৰু ৰৰৈয়া থানাত ধন দাবীৰ গোচৰ ৰুজু হৈ আছে। কিছুদিন পৃৰ্বে আৰক্ষীয়ে তেওঁলোকৰ ঘৰৰ পৰা অবৈধ মাৰণাস্ত্ৰ উদ্ধাৰ কৰাৰ বিষয়েও জানিব পৰা গৈছে । ইফালে এই স্বয়ম্ভূ সাংবাদিক জন এটা জাতীয় সংগঠনৰ লগতো জড়িত বুলি জনা গৈছে। তেওঁৰ ঘৰত উক্ত সংগঠনৰ ছিল মোহৰো উদ্ধাৰ হৈছে। এওঁৰ এই কু-কৰ্মত এই সংগঠনৰ আৰু বিষয়-ববীয়া জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *