পুনৰ ৪ ক’ৰনা আক্ৰান্ত হল আৰোগ্যঃ অসমৰ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি
ডিজিটেল ডেস্ক, বিতৰ্ক, ১৭ এপ্ৰিল, গোলাঘাট :: আজি পুনৰ অসমৰ ক’ৰনা আক্ৰান্ত ৰোগীয়ে আৰোগ্য লাভ কৰা হেতু চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয়। উল্লেখনীয় যে এই চাৰিওজন ৰোগী গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। বিগত সময়চোৱাত চাৰিবাৰকৈ ক’ভিড-১৯ৰ পৰীক্ষা কৰাত ফলাফল নিগেটিভ অহাত চাৰিওজনকে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়া হয় যদিও ব্যক্তিকেইজনে ১৪ দিনৰ বাবে নিজ গৃহত কোৱাৰেন্টাইনত থাকিব লাগিব। ৰোগীকেইজন গোলাঘাটৰ হাইদৰ আলি, ৱাহিদা বেগম, ইয়াকুব আলি আৰু ৰোমা বেগম বুলি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিস্ব শৰ্মাই জানিবলৈ দিছে।
At Golaghat Civil Hospital along with Min @ATULBORA2, MoS @Pijush_hazarika, CEM, #KAAC @TuliramRonghang monitored discharge of 4 #Covid_19 patients – Haidor Ali, Wahida Begum, Yakub Ali & Ruma Begum for home quarantine, after 4 successive negative tests. Total cured patients ~ 9. pic.twitter.com/m2ofEfTVKU
— Himanta Biswa Sarma (@himantabiswa) April 17, 2020