শিৱসাগৰত মন্ত্ৰী অতুল বৰা আৰু ফণীভূষণ চৌধুৰীৰ বিভাগীয় বৈঠক

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৬ এপ্ৰিল, শিৱসাগৰ :: বিশ্বজুৰি এতিয়া মহামাৰী ক’ৰনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পাব ধৰিছে। বৰ্তমানলৈকে পোৱা খবৰ অনুসৰি ভাৰতত এইপৰ্যন্ত ১২ হাজৰৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৪২৩ জন লোকৰ মৃত্যু হৈছে। ইফালে অসমতো এতিয়ালৈকে ৩৪ গৰাকী ক’ৰনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫ জন লোক ইতিমধ্যে আৰোগ্য লাভ কৰিছে। ইয়াৰে  ১ জন লোকৰ মৃত্যু ঘটিছে।

ইফালে ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ বাবে সমগ্ৰ দেশতে লকডাউনৰ পৰিপ্ৰেক্ষিতত দেশৰ লগতে অসমৰ কৃষক তথা সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে। তাৰে মাজতে আজি শিৱসাগৰত উপস্থিত হয়হি ৰাজ্য কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী। মন্ত্ৰী দুগৰাকীয়ে শিৱসাগৰত উপস্থিত হৈ বিভাগীয় কাম কাজৰ বুজ লয়।

শিৱসাগৰৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত আজি অনুষ্ঠিত এখন বিভাগীয় পৰ্য্যালোচনা সভাত অংশগ্ৰহণ কৰি কৃষিমন্ত্ৰী অতুল বৰাই কয় যে কোভিড-১৯ -ৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত সামাজিক দূৰত্ব বজাই ৰখাৰ বাহিৰে বিকল্প পন্থা নাই। শিৱসাগৰ আৰু চৰাইদেউ জিলাত কৃষি আৰু অন্যান্য সহযোগী খণ্ড যেনে উদ্যান শস্য, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ কাম-কাজ চলোৱাৰ সময়ত বিভাগ সমূহৰ লগতে ৰাইজেও সামাজিক দূৰত্ব বজাই ৰখাটো সুনিশ্চিত কৰিব লাগিব। কৃষক সকলৰ উৎপাদিত সামগ্ৰী সমূহ ৰপ্তানিৰ সুবিধাৰ বাবে অসম চৰকাৰে উত্তৰ-পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ লগত আলোচনা কৰি ১৯ খন ট্ৰেইন চলাচলৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। কৃষক সকলৰ সুবিধাৰ্থে ইতিমধ্যে প্ৰস্তুত কৰা তালিকা অনুসৰি বিভিন্ন আঁচনিৰ অধীনত ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, পাম্পছেট, স্প্রে মেচিন আদি অনানুষ্ঠানিক ভাৱে বিতৰণৰ ব্যৱস্থা কৰিবলৈও মন্ত্ৰী গৰাকীয়ে কৃষি বিভাগক নিৰ্দেশ প্ৰদান কৰে।

সভাত অংশগ্ৰহণ কৰি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে জিলা প্ৰশাসনক সদ্যহতে অন্তত: পৰৱৰ্তী এমাহৰ বাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুত ৰখাটো সুনিশ্চিত কৰিবলৈ পৰামৰ্শ দিয়ে। লকডাউনৰ সময়ছোৱাত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ যাতে নাটনি নহয় তাৰ প্ৰতি শিৱসাগৰ আৰু চৰাইদেউ দুয়োখন জিলাৰে উপায়ুক্তদ্বয়ক দৃষ্টি ৰাখিবলৈ তেওঁ আহ্বান জনায়। লকডাউনৰ সুযোগ গ্ৰহণ কৰি কোনো ব্যৱসায়ীয়ে যাতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম অযুক্তিকৰ ভাৱে বৃদ্ধি নকৰে তাৰ বিৰুদ্ধে জিলা প্ৰশাসনক তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ মন্ত্ৰী গৰাকীয়ে আহ্বান জনায়।

সভাত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা, থাওৰাৰ বিধায়ক কুশল দুৱৰী, সোণাৰীৰ বিধায়িকা নৱনীতা সন্দিকৈ, শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈৰ লগেত জিলা প্ৰশাসনৰ অন্যান্য বষয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *