প্ৰতাৰক চীন! ভাৰতক যোগান ধৰা ৫০ হাজাৰ PPE কিট নিম্ন মানদণ্ডৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৬ এপ্ৰিল, শিৱসাগৰ :: ভাৰতত এতিয়া প্ৰতিদিনে বৃদ্ধি পাইছে ক’ৰনাত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। বৃহস্পতিবাৰ পৰ্যন্ত দেশত ১২ হাজাৰ লোক আক্ৰান্ত হৈছে ক’ৰনা ভাইৰাছত। দেশৰ এনে পৰিস্থিতিত চীনৰ পৰা ভাৰতে অৰ্ডাৰ কৰিছিল ডেৰ কোটি PPE কিট। কিন্তু এতিয়া চীনৰ পৰা যোগান ধৰা এই PPEকিট DRDA ৰ গুৱালীয়ৰৰ পৰীক্ষাগাৰত ছেফটী টেষ্টত বিফল হোৱা বুলি জানিব পৰা গৈছে।

দেশৰ এক আগশাৰীৰ বাতৰি প্ৰতিষ্ঠানৰ প্ৰকাশিত বাতৰি অনুসৰি ক’ৰনাৰ বিৰুদ্ধে যুঁজিবলৈ চীনে ভাৰতক যোৱা ৫ এপ্ৰিলত যোগান ধৰিছিল ১ লাখ ৭০ হাজাৰ PPE কিট। কিন্তু তাৰে ৫০ হাজাৰ PPE কিট এতিয়া বিফল হৈছে ছেফটী টেষ্টত। ইফালে যোৱা কালি অসমেও চীনৰ পৰা অহা ৫০ হাজাৰ PPE কিট গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *