শিৱদ’ল আৰু বিষ্ণুদ’লত চুৰিকাৰ্য সংঘটিত কৰা তিনি চোৰক আটক

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৫ এপ্ৰিল, শিৱসাগৰ :: আজি শিৱসাগৰ আৰক্ষীৰ জালত পৰিল শিৱসাগৰৰ শিৱ দ’ল আৰু বিষ্ণু দ’লত চুৰি কাৰ্য সংঘটিত কৰা তিনিটা চোৰ। শিৱসাগৰ আৰক্ষীয়ে অভিযান চলায় আজি আটক কৰে চোৰ তিনিটাক।

উল্লেখ্য যে, লকডাউনৰ বাবে বিগত সময়চোৱাত তিনিওটা দ’লৰ চৌহদৰ লগতে বন্ধ আছিল পূজা অৰ্চনা। তাৰেই সুযোগ গ্ৰহণ কৰি পহিলা ব’হাগৰ দিনা শিৱ দ’লৰ দুটা দান পাত্ৰ আৰু বিষ্ণু দ’লৰ এটা দান পাত্ৰ ভাঙি লুটি নিছিল সমুদায় ধন। তিনিওটা চোৰকে বৰ্তমান শিৱসাগৰ সদৰ থানাত সোধাপোচা কৰি থকা হৈছে। আটক হোৱা চোৰ কেইটা হ’ল ক্ৰমে ৰাজা দুৱৰা (২০) খাটপথাৰ, কেশৱ দত্ত (১৯) চেৰেকাপাৰ আৰু হাফিজুৰ ৰহমান (২০) খাটপথাৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *