দুৰ্নীতি বিৰোধী যুৱ শক্তিৰ কৌমুদালয়ত খাদ্য সামগ্ৰী বিতৰণ

ডিজিটেল ডেস্ক, ১৫ এপ্ৰিল, শিৱসাগৰ :: চাৰিওফালে মহামাৰী ক’ৰনা ভাইৰাছৰ সন্ত্ৰাস। সমগ্র বিশ্বত এতিয়ালৈকে কেইবালক্ষ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে লক্ষ্যাধিক লোক মৃত্যু মুখত পৰিছে। ব্যতিক্ৰম নহষ ভাৰততো । এই মহামাৰীৰ ফলত দেশত চলি আছে লকডাউন। তাৰে মাজতে আজি দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসমৰ শিৱসাগৰ জিলা সমিতিখনে আজি শিৱসাগৰৰ সুন্দৰপুৰস্থিত শিশুসকলৰ আশ্ৰয়গৃহত কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে। সংগঠনটোৱে আশ্ৰয়গৃহৰ শিশুসকলৰ বাবে চাউল, দাইল, আলু, তেলকে আদি কৰি বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ কৰে। সংগঠনটোৰ কেন্দ্ৰীয় মুখপাত্ৰ প্ৰকাশ বৰুৱা আৰু জিলা সমিতিৰ সভাপতি মনোৰঞ্জন বড়াই সামগ্ৰীসমূহ কৌমুদালয় কতৃপক্ষৰ হাতত প্ৰদান কৰে। সংগঠনটোৰ এনে কাৰ্য্যক সচেতন ৰাইজে সলাগ লোৱা পৰিলক্ষিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *