অসমত ক’ৰনাত আক্ৰান্তৰ সংখ্যা ৩২ লৈ বৃদ্ধি

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৫ এপ্ৰিল, শিৱসাগৰ :: অসমত পুনৰ বৃদ্ধি পাইছে ক’ৰনা আক্ৰান্ত ৰোগীৰ সংখ্যা। এতিয়ালৈকে অসমত ৩২ জনৰ শৰীৰত ধৰা পৰিছে ক’ৰনাৰ অৱস্থিতি। এইবাৰ ধুবুৰীৰ এগৰাকী মহিলা আক্ৰান্ত হৈছে ক’ৰনা ভাইৰাছত। মহিলাগৰাকী নিজামুদ্দিন মাৰ্কাজ আৰু গুৱাহাটী আঠগাঁৱৰ কবৰস্থান মছজিদত হোৱা সমাৱেশত অংশগ্ৰহণ কৰাৰ পিছত কোৰোণাত আক্ৰান্ত হোৱা এগৰাকী ব্যক্তিৰ পত্নী বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তথ্য অনুসৰি ক’ৰনাত আক্ৰান্ত হোৱা মহিলাগৰাকীৰ নাম ৰছিদা খাতুন। ধুবুৰীৰ বিলাসীপাৰা হাকামা গাঁৱৰ ৰহিম উদ্দিনৰ পত্নী ৰছিদা খাতুন বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *