মুখ্যমন্ত্ৰীৰ অসমবাসীলৈ বিহুৰ শুভেচ্ছাঃ মঙলবাৰে সন্ধিয়া সকলোকে বন্তি জ্বলাবলৈ আহ্বান

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৩ এপ্ৰিল, গুৱাহাটী :: আজি মহানগৰীৰ খাৰঘুলিত থকা নিজৰ চৰকাৰী বাসভৱন ব্ৰহ্মপুত্ৰ গেষ্ট হাউচত এক সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰীয়ে ৰাইজক বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে সমাজত মিলা-প্ৰীতি আৰু ভাতৃত্বৰ বান্ধোন অধিক সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে এইবাৰ ক’ৰনা ভাইৰাছৰ বাবে অব্যাহত থকা লকডাউনত অসমবাসীক মঙলবাৰে মানুহ বিহুৰ দিনা সন্ধিয়া ৬ বজাত এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়।তেওঁ কয় আমি সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ লগতে অসমতো ঐক্যবদ্ধ যুঁজ দিবলগীয়া হৈছে ক’ৰনাৰ বিৰুদ্ধে। প্ৰতিটো অঞ্চলত ৰাইজে প্ৰধানমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাইছে।

এই সময়চোৱাত ৰাইজৰ বহু কষ্ট হৈছে, কিন্তু এই দায়িত্ব পালন কৰিবই লাগিব বুলি উল্লেখ কৰে। কাইলৈ মঙলবাৰে সন্ধিয়া ৬ বজাত নিজ নিজ পদ্ধতিৰে এগছি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিব লাগে।সামাজিক দূৰত্ব বৰ্তাই ৰখাত ৰাইজে যেনেদৰে ভূমিকা লৈছে সেয়া অত্যন্তই জৰুৰী বুলি মূখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। অসম চৰকাৰৰ ক’ৰনাৰ বিৰুদ্ধে সন্মুখৰ পৰা নেতৃত্ব দিয়া সকলোকে তেওঁ ধন্যবাদ জনায়। লগতে জৰুৰীকালীন সেৱাত নিয়োজিত আৰু নিষ্ঠাসহকাৰে কাম কৰি থকা সাংবাদিকসকলকো মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংবাদমেল যোগে কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *