ঘৰতে থাকি বিহু উদযাপন কৰকঃ ইমৰাণ শ্বাহ, ডিজিপি ভাস্কৰজ্যোতি, অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আহ্বান

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৩ এপ্ৰিল, শিৱসাগৰ :: আজিৰ পৰা ৰাজ্যবাসীয়ে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহুটি। কিন্তু এইবাৰ বাপতি সাহোন ৰঙালী বিহুটি ক’ৰনা ভাইৰাছৰ বাবে লকডাউনৰ মাজেৰে সামাজিক দূৰত্ব বৰ্তাই ৰাখি পালনৰ বাবে সাজু হৈছে। এটি জটিল সন্ধিক্ষণত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট কথাশিল্পী ইমৰাণ শ্বাহে সকলোকে ক’ৰনাৰ বিৰুদ্ধে সজাগ হৈ থাকি সামাজিক দূৰত্ব বজাই ৰাখি পালন কৰাৰ বাবে আহ্বান জনালে। অৰ্জুন ভোগেশ্বৰ বৰুৱাই অসমবাসীলৈ বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভকামনা জনোৱাৰ লগতে লকডাউনৰ সকলো নিয়ম মানি সকলোৱে পৰম্পৰা নীতি নিয়ম সমূহ ৰাজহুৱা ভাৱে উদযাপন নকৰি ঘৰতে পালন কৰিবলৈ আহ্বান জনায়।

ইফালে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান তথা শিৱসাগৰৰ সুযোগ্য সন্তান ভাস্কৰজ্যোতি মহন্তই কয় যে অসম তথা বিশ্বৰ বাবে এতিয়া বিপন্ন সময়।আমি প্ৰত্যেকজন অসমীয়াই ঘৰতে থাকি বিহু উদযাপন কৰাৰ লগতে সমগ্র অসমবাসীয়ে একত্ৰিত ভাবে ক’ৰনাৰ বিৰুদ্ধে যুঁজ দিব লাগিব। আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে বিহু পতাকা উত্তোলন কৰাৰ সময়ত পাঁচজনকৈ বেছি ব্যক্তি সমবেত নহবলৈ আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *