খোলা হ’ল সুৰাৰ বিপণীঃ পুৱাৰে পৰা সুৰাপায়ী গ্ৰাহকৰ ব্যাপক ভিৰ

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৩ এপ্ৰিল, শিৱসাগৰ :: লকডাউনৰ মাজতে সোমবাৰৰ পৰা ৰাজ্যত খোলা হ’ল সুৰাৰ বিপণী সমূহ। পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ সামাজিক দুৰত্ব বজাই ৰাখি গ্ৰাহকক সুৰা ক্ৰয় কৰিবলৈ আহ্বান জনাইছিল আবকাৰী বিভাগে। চৰকাৰ তথা প্ৰশাসনৰ নিৰ্দেশ মানি সোমবাৰে পুৱাই সমগ্ৰ অসমতে নিদিষ্ট দুৰত্বৰ ব্যৱধানত সুৰা ক্ৰয় কৰিবলৈ লাগিল অজস্ৰ লোকৰ লাইন।

ইয়াৰ মাজতে কিছু সংখ্যকে সামাজিক ব্যৱধান মানি সুৰা ক্ৰয় কৰিবলৈ থিয় হৈছে যদিও বসুসংখ্যকে মানি চলা নাই সামাজিক ব্যৱধান। তেওঁলোকে ১ মিটাৰ দূৰত্ব বজাই নাৰাখি জুম বান্ধি সুৰা ক্ৰয় কৰা পৰিলক্ষিত হ’ল। এইক্ষেত্ৰত সুৰাৰ বিপনীৰ স্বত্ত্বাধিকাৰীয়েও গ্ৰাহকসকলক সামাজিক ব্যৱধান মানি চলিবলৈ কোৱা পৰিলক্ষিত নহ’ল। তাৰ বিপৰীতে অন্য কিছুসংখ্যক বিপনীত সামাজিক দূৰত্ব বজাই ৰাখি সুৰা ক্ৰয় কৰিবলৈ কৰ্মচাৰীয়ে গ্ৰাহকক অনুৰোধ কৰা দেখা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *