কাইলৈ দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ডিজিটেল ডেস্ক, বিতৰ্ক, ১৩ এপ্ৰিল, শিৱসাগৰ :: কাইলৈ পুৱা ১০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সম্বোধন কৰি ভাষণ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটাৰ একাউন্টত টুইট কৰিছে। ক’ৰনা ভাইৰাছৰ বাবে দেশত লকডাউন অব্যাহত থকাৰ মাজত এয়া হ’ব মোদীৰ দেশবাসীক তৃতীয়টো সম্বোধন।

 

উল্লেখ্য যে দেশত অব্যাহত থকা ২১ দিনীয়া ল’কডাউনৰ কাইলৈ অন্ত পৰাৰ কথা আছিল। কিন্তু যোৱা ১১ এপ্ৰিলত দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙৰ দ্বাৰা প্ৰধানমন্ত্ৰী মোদীৰ এক বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে দেশত লকডাউনৰ ম্যাদ আৰু দুটা সপ্তাহ বৃদ্ধি কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল।

কাইলৈ লকডাউনৰ প্ৰথম পৰ্যায়ৰ ২১ দিন অন্ত পৰাৰ উপলক্ষ্যে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’কডাউনৰ ম্যাদ বৃদ্ধি কৰা বা নকৰা সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *