সুৰাপায়ীৰ বাবে সুখবৰঃ অহা কালিৰ পৰা অসমত খুলিব পাৰিব সুৰাৰ বিপণী

ডিজিটেল ডেস্ক, বিতৰ্ক, ১২ এপ্ৰিল, শিৱসাগৰ :: ক’ৰনা ভাইৰাছক প্ৰতিৰোধক কৰাৰ বাবে দেশত অব্যাহত আছে লকডাউন। এই অব্যাহত হৈ থকা লকডাউনৰ মাজতে ৰাজ্যৰ সকলো সুৰা বিপণী, সুৰাৰ গুদাম, বটলিং প্লেট, সুৰাৰ উৎপাদন কাৰখাৰ আৰু চেৰাভাটি মকুলি কৰিবলৈ ৰাজ্য চৰকাৰে অনুমোদন জনাইছে। ৰাজ্যৰ সহকাৰী আৱকাৰী আয়ুক্ত(ভাৰপ্ৰাপ্ত) এছ. কে. মেধিয়ে I-১৯০/২০১৪-১৫/পিটি-l/৪০২ নম্বৰৰ পত্ৰৰ যোগেদি ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তলৈ  অহা ১৩ এপ্ৰিলৰ পৰা ৰাজ্যত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ সুৰা বিপণীৰ লগতে সুৰাৰ গুদাম, উৎপাদন কৰা কাৰখান তথা চেৰাভাটিসমূহ খোলা থাকিব বুলি উল্লেখ কৰি দিৰ্দেশনা জাৰি কৰিছে।

অনজ্ঞাপত্ৰ লব্ধ সকলো সুৰা বিপণী, সুৰাৰ গুদাম, বটলিং প্লান্ট, সুৰাৰ উৎপাদন কাৰখাৰ আৰু চেৰাভাটিত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমে জাৰি কৰা সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বিধান কঠোৰ ভাৱে মানি চলিব লাগিব কোৱা হৈছে পত্ৰখনত। ইয়াৰ উপৰি সুৰাপায়ী গ্ৰাহকেও মানি চলিব লাগিব সামাজিক দূৰত্ব। কোনো গ্ৰাহকে জুম বান্ধিব নোৱাৰিব সুৰাৰ বিপনীৰ সন্মুখত। সকলোৱেই ১ মিটাৰ দূৰত্বত অৱস্থান গ্ৰহণ কৰিব লাগিব। এখন ঘৰৰ এজন সদস্যহে সুৰা ক্ৰয়ৰ বাবে যাবলৈ নিৰ্দেশ দিয়া হৈছে আৱকাৰী বিভাগৰ দ্বাৰা। এই নিৰ্দেশনা মানি নচলিলে আবকাৰী বিভাগে বিপনীৰ অনুজ্ঞাপত্ৰ কৰ্তন কৰিব বুলি সদৰী কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *