দেশত ক’ৰনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৮ হাজাৰ অতিক্ৰমঃ ২৯৩ জনৰ মৃত্যু

ডিজিটেল ডেস্ক, বিতৰ্ক, ১২ এপ্ৰিল, শিৱসাগৰ :: সমগ্ৰ বিশ্বজুৰি মহামাৰী ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। ভাৰততো লকডাউনৰ মাজতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে।ভাৰতত বৰ্তমান আক্ৰান্তৰ সংখ্যা ৮,৭৬০ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত ২৯৩ জন লোকৰ মৃত্যু হৈছে। আনহাতে, ইয়াৰ মাজত ৯৮৭ জন লোক সুস্থ হৈ উঠিছে।


ইফালে পঞ্জাৱ, উৰিষ্যা, তেলেংগানাকে আদি কৰি কেইবাখনো ৰাজ্য চৰকাৰে লকডাউনৰ সময়সীমা বৃদ্ধি কৰিছে। ইপিনে, ১১ এপ্ৰিললৈকে দেশত ক’ৰনা ভাইৰাছৰ ফলত মৃত্যুৰ হাৰ ৩.২১শতাংশ। ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ ফলত ভাৰতত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত ৰাজ্য হৈছে মহাৰাষ্ট্ৰ। শনিবাৰলৈকে ৰাজ্যখনত ৩০ হাজাৰ নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰ ভিতৰত ১,৫৭৪ টা পজিটিভ ঘটনা ধৰা পৰিছে। আনহাতে, ইয়াৰ পাছতে বেছিকৈ ক্ষতিগ্ৰস্ত ৰাজ্য তামিলনাডুত ৯১১ টা পজিটিভ ঘটনা ধৰা পৰিছে। ৰাজ্যখনত এতিয়ালৈকে ৮ জন লোকৰ মৃত্যু হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *