অসম আৰোগ্য নিধিলৈ শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ অনুদান

ডিজিটেল ডেস্ক, বিতৰ্ক, ১২ এপ্ৰিল, শিৱসাগৰ :: বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই থকা সংগ্ৰামখনৰ প্ৰতি সহাৰি জনাই শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনে। ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ সন্মিলনৰ তৰফৰ অসম আৰোগ্য নিধিলৈ আগবঢ়াই ১ লাখ ১১ হাজাৰ টকাৰ আৰ্থিক অনুদান। ১৯৯৭ চনতে স্থাপিত শিৱসাগৰৰ অন্যতম পুৰণি বিহু সন্মিলনখনৰ প্ৰধান সম্পাদক শৰৎ হাজৰিকাই সভাপতি ডাঃ প্ৰবুদ্ধ প্ৰসাদ চেতিয়া, যুটীয়া সম্পাদকদ্বয় জ্যোতিপ্ৰসাদ কলিতা আৰু সুৰজিত বৰুৱাৰ উপস্থিতিত শিৱসাগৰৰ জিলা উপায়ুক্ত লক্ষীনন্দন গগৈৰ জৰিয়তে ৰাজ্য চৰকাৰলৈ চেকযোগে উক্ত ধনৰাশি প্ৰদান কৰে।

উল্লেখযোগ্য যে, স্থাপনৰ দিনৰ পৰা প্ৰতিটো বছৰে ঐতিহাসিক শিৱসাগৰ নগৰৰ মাজমজিয়াত কেন্দ্ৰীয়ভাৱে ৰঙালী বিহু উদযাপন কৰি অহা শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনে বিগত সময়ছোৱাত জিলাখনৰ স্বাস্থ্য, শিক্ষা, ক্ৰীড়া ইত্যাদি বিভিন্ন শিতানত সাহাৰ্য প্ৰদানেৰে বিভিন্ন জনকল্যাণমূলক কাম কৰি আহিছে। শিৱসাগৰ সন্মিলিত ৰঙালী বিহু সন্মিলনৰ এই পদক্ষেপক শিৱসাগৰৰ সচেতন ৰাইজে প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *