১ লক্ষ্য অতিক্ৰম কৰিলে বিশ্বত ক’ৰনা আক্ৰান্তৰ মৃত্যুৰ সংখ্যাঃ ভাৰতত ২৪৯ জন
ডিজিটেল ডেস্ক, বিতৰ্ক, ১১ এপ্ৰিল, শিৱসাগৰ :: নভেল ক’ৰনা ভাইৰাছে এতিয়া বিশ্বজুৰি সকলোকে গ্ৰাস কৰি পেলোৱাৰ উপক্ৰম হৈছে। সমগ্র বিশ্বত এতিয়ালৈকে ১৭ লক্ষ্যৰো অধিক লোক ক’ৰনাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১ লাখৰো অধিক এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। ক’ৰনা ভাইৰাছৰ উৎপত্তিস্থল চীনকো চেৰ পেলাই আমেৰিকা যুক্তৰাষ্ট্ৰত সৰ্বাধিক লোক এইমহামাৰীত আক্ৰান্ত হৈছে। বৰ্তমানলৈকে আমেৰিকাত ৫ লাখৰো অধিক লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৮ হাজাৰোধিক লোকৰ এইপৰ্যন্ত মৃত্যু হৈছে। ইপিনে, ক’ৰনাৰ প্ৰভাৱত আমেৰিকাত প্ৰায় ১ কোটি ৭০লাখ লোক কৰ্মহীন হৈ পৰিছে। চৰকাৰে নাগৰিকসকলৰ বাবে ২ লাখ কোটি ডলাৰৰ আৰ্থিক সাহায্য পেকেজ ঘোষণা কৰিছে।
ইফালে ভাৰততো ক’ৰনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিছে। এইপৰ্যন্ত ভাৰতত প্ৰায় ৮ হাজাৰ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২৪৯ জন লোক মৃত্যু মুখত পৰিছে। এই মহামাৰীত ভাৰতৰ মহাৰাষ্ট্ৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে। বৰ্তমানলৈকে মহাৰাষ্ট্ৰত সৰ্বাধিক ১৫৭৪ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ১৮৮ জন লোকৰ মৃত্যু হৈছে। এইক্ষেত্ৰত বাছি নগল অসমো। অসমত ক’ৰন আক্ৰান্তৰ সংখ্যা ২৯ জন হোৱাৰ বিপৰীতে ১ জন লোকৰ মৃত্যু হৈছে।
ইফালে সমগ্ৰ বিশ্বত এইপৰ্যন্ত ৩,৭৬,৫৭২ জন লোকে এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰিছে। ভাৰতো প্ৰায় ৮০০ জন লোকে এইপৰ্যন্ত মহামাৰী নভেল ক’ৰনা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰিছে।