শিৱসাগৰত চাহ বাগিচাসমূহৰ কাম-কাজ আৰম্ভ কৰাৰ সন্দৰ্ভত ৰাজহমন্ত্ৰীৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ বৈঠক

ডিজিটেল ডেস্ক, বিতৰ্ক, ১১ এপ্ৰিল, শিৱসাগৰ :: কোভিড-১৯ -ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে সমগ্ৰ দেশত চলি থকা লকডাউনৰ বাবে সম্প্ৰতি বন্ধ ৰখা শিৱসাগৰ জিলাৰ চাহ বাগিচা সমূহৰ কাম-কাজ পুনৰ আৰম্ভ কৰা আৰু এই ক্ষেত্ৰত মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সমূহৰ বিষয়ে আলোচনা কৰাৰ বাবে আজি উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনৰ সভাপতিত্বত বিভিন্ন চাহ বাগান কৰ্তৃপক্ষ, চাহ জনজাতি ছাত্ৰ আৰু মজদূৰ সংগঠন সমূহৰ লগতে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু বট-লিফ ফেক্টৰীৰ প্ৰতিনিধিৰে এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সভাৰ আৰম্ভণিতে উপায়ুক্ত লক্ষীনন্দন গগৈৰ উপস্থিতিত চাহ বাগানৰ কাম কাজ পুনৰ আৰম্ভ কৰা সৈতে জড়িত বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়।

সভাত কেন্দ্ৰীয় চৰকাৰে নিৰ্দিষ্ট কৰি দিয়া কেৱল ৫০ শতাংশ শ্ৰমিক নিয়োগ কৰি তথা সাৱধানতামূলক নিৰ্দেশাৱলী আৰু স্বাস্থ্য বিধি মানি চলাটো নিশ্চিত হলেহে বাগানসমূহ পৰ্যায়ক্ৰমে খোলা ৰাখিবলৈ অনুমতি প্ৰদান কৰা হ’ব বুলি জিলা প্ৰশানৰ তৰফৰ পৰা চাহ বাগান কৰ্তৃপক্ষক জনোৱা হয় ৷ ইয়াৰ লগতে প্ৰশাসনে চাহ বাগানৰ শ্ৰমিকৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ, বাগান এলেকা আৰু ব্যৱহাৰ হ’বলগীয়া বাহনসমূহ পৰিস্কাৰ (sensitise) কৰিবলৈ বাগান কৰ্তৃপক্ষসমূহক নিৰ্দেশ দিয়ে । তদুপৰি এই নীতি-নিয়ম মানি চলাতো নিশ্চিত কৰিবলৈ নিজ নিজ বাগানত একোজনকৈ নিৰীক্ষক নিয়োগ কৰিবলৈও বাগান কৰ্তৃপক্ষক জিলা প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হয় ৷

উল্লেখযোগ্য যে, লকডাউনৰ সময়ছোৱাত চাহ বাগান সমূহ নিয়াৰিকৈ পৰিচালনা কৰিবলৈ জিলা প্ৰশাসনে এক বিশেষ নিয়মাৱলী প্ৰস্তুত কৰিছে আৰু এই নিয়মাৱলী বাগান কৰ্তৃপক্ষক অৱগত কৰা হ’ব। সভাত মন্ত্ৰী গৰাকীয়ে চাহ উদ্যোগক ৰক্ষা কৰিবলৈ চাহ বাগান সমূহৰ কাম-কাজ পুনৰ আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে গ্ৰহণ কৰা এই পদক্ষেপৰ ক্ষেত্ৰত উপস্থিত সকলোৰে সহযোগিতা আহ্বান কৰে। তেওঁ সমূহ বাগান কৰ্তৃপক্ষক প্ৰশাসনৰ তৰফৰ পৰা নিৰ্দিষ্ট কৰি দিয়া নিয়মাৱলী মানি চলি যাৱতীয় ব্যৱস্থাসমূহ সুনিশ্চিত কৰি বাগানৰ কাম-কাজ আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় অনুমতিৰ বাবে প্ৰশাসনক যোগাযোগ কৰিবলৈ আহ্বান জনায়। জিলা প্ৰশাসনে আশ্বস্ত হলে পর্যায়ক্ৰমে অনুমতি প্ৰদানৰ ব্যৱস্থা কৰিব বুলিও তেওঁ উল্লেখ কৰে। কোভিড-১৯ -ৰ বিৰুদ্ধে বাগানৰ শ্ৰমিক সকলৰ মাজত সজাগতা বৃদ্ধিৰ পদক্ষেপ অব্যাহত ৰাখিবলৈও তেওঁ পৰামৰ্শ দিয়ে।

জিলাখনৰ কোভিড-১৯ -ৰ নিৰীক্ষণ বিষয়া (Surveillance Officer) ডাঃ হেমন্ত কুমাৰ বৰুৱাই কৰ’ণা ভাইৰাছ প্ৰতিহত কৰিবলৈ গ্ৰহণ কৰিবলগীয়া সতৰ্কতামূলক ব্যৱস্থা সমূহৰ বিষয়ে সভাত অৱগত কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত নৱাব আল আজহাৰ আলি, নিৰ্বাচন বিষয়া পংকজ বৰা, স্বাস্থ্য, অসামৰিক যোগান, পৰিবহন, শ্ৰম আদি বিভাগৰ বিষয়াসকল, চাহ বাগিচা সমূহ আৰু বট-লিফ ফেক্টৰী সমূহৰ কৰ্তৃপক্ষ, ভালেসংখ্যক ক্ষুদ্ৰ চাহ খেতিয়ক, টি এছোচিয়েচন অফ ইণ্ডিয়া, ইণ্ডিয়ান টি এছোচিয়েচনৰ অসম শাখা, ভাৰতীয় চাহ পৰিষদ, নৰ্থ ইষ্টাৰ্ণ টি এছোচিয়েচন আদিৰ বিষয়-ববীয়া, অসম চাহ মজদূৰ সংঘ, অসম চাহ কৰ্মচাৰী সংঘ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থা আদিৰ প্ৰতিনিধি সকলো উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *